গান্ধী জয়ন্তী উপলক্ষ্যে গান্ধী জয়ন্তীৰ প্ৰাকক্ষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানত দেশৰ প্ৰান্তে প্ৰান্তে আজি এক অক্টোবৰত একঘন্টা একেলগে স্বচ্ছ ভাৰত কাৰ্যসূচী ৰূপায়ন কৰা হয় । 

কিন্তু আজিৰ দিনটোত মৰাণত অৱহেলিত হৈ ৰল মহাত্মা গান্ধীৰ প্ৰতিমুৰ্তি আৰু গান্ধী উদ্যান । স্বচ্ছ অভিযানৰ সম্পূৰ্ণ বিপৰীত ছৱি পৰিলক্ষিত হল মৰাণৰ নগৰৰ মাজ-মজিয়াত অৱস্থিত গান্ধী উদ্যানত । স্বচ্ছ ভাৰত অভিযান কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ সময় নাপালে প্ৰশাসন, জনপ্ৰতিনিধিয়ে । এই উদ্যানখন দীৰ্ঘদিন ধৰি হাবি-জংঘলেৰে ভৰি আছে য'ত অৱহেলিত হৈ ৰৈছে জাতিৰ পিতা মহাত্মা গান্ধীৰ পূৰ্ণ অৱয়ব ৷

মহামানৱ মহাত্মা গান্ধীৰ প্ৰতি প্ৰশাসন, জনপ্ৰতিনিধিৰ এনে চূড়ান্ত অৱহেলাই স্তম্ভিত কৰিছে সচেতন মহলক।