ৰহা সমষ্টিৰ অন্তৰ্গত ৰহাচকী নিবাসী প্ৰয়াত ৰবিন গগৈ আৰু ভাৰতী গগৈৰ সু সন্তান দেৱাশীষ গগৈয়ে বেবেজিয়া ভুগেশ্বৰ হাজৰিকা বিদ্যালয় স্থিত মুকলি মঞ্চত Aegis of nagaon District body builders of fitness Association ৰ অন্তৰ্গত The workout zone (TWZ)gym,Bebejia ৰ উদ্যোগত অনুষ্ঠিত ৫৩nd Indian body builders federation championship ৰ ৬৫ওজনৰ জুনিয়ৰ শাখাত অংশ গ্ৰহণ কৰি প্ৰথম স্থান পাই Mr.Nagaon খিতাপ অৰ্জন কৰি গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়।
দেৱাশীষ ৰ ঘৰত আজি ৰহা আঞ্চলিক তাই আহোম ছাত্ৰ সন্থা ৰ উপদেষ্টা প্ৰশান্ত গগৈ, সভাপতি ৰুপক চন্দ্ৰ বৰা উপস্থিত হৈ এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই উজ্বল ভবিষ্যতৰ কামনা কৰে।
দেৱাশীষ খেলৰ লগতে পঢ়া শুনাতো মেধাবী আছিল।দেৱাশীষে মেট্ৰিক পৰীক্ষাত ডিচটিংচন লৈ গৌৰৱ কঢিয়াই অনাত ২০১৮বৰ্ষত ৰহা আঞ্চলিক ছাত্ৰ সন্থাই বিশেষ সম্বৰ্ধনা জনাইছিল।