অহাকালি মহানায়ক,প্ৰাণৰ শিল্পী,হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৫৩তম্ জন্মদিন,সমগ্ৰ ৰাজ্যৰ লগতে বৃহতৰ ৰহাৰ বিভিন্ন প্ৰান্তত জন্মদিন উদযাপন কৰাৰ প্ৰস্তুতি চলাই থকাৰ সমান্তৰালকৈ জন্মদিন ৰ লগত সংগতি ৰাখি সদৌ অসম ছাত্ৰ সন্থা ৰ আহ্বান মৰ্মে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ৰহা আঞ্চলিক ছাত্ৰ সন্থাই ৰহা শংকৰদেৱ শিশু বিদ্যা নিকেতন প্ৰাংগনত নাহৰ পুলি ৰোপন কৰে।

   ৰহা আঞ্চলিক ছাত্ৰ সন্থা ৰ সভাপতি সঞ্জয় কুমাৰ কাকতিয়ে আঁত ধৰা পুলি ৰোপন অনুষ্ঠানত শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ উপ প্ৰধানাচাৰ্য অনামিকা দাস মেধিয়ে নাহৰ পুলি ৰোপন কৰে।

    এই উপলক্ষে ৰহা আঞ্চলিক ছাত্ৰ সন্থা ৰ সম্পাদক ভাৰত বৰুৱা সহ ৰহা মহাবিদ্যালয় আছু গোট আৰু ৰহা শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ আচাৰ্য আচাৰ্য্যা আৰু ছাত্ৰ ছাত্ৰী উপস্থিত থাকে।