বৰ্ষ ১৯৬৪ত স্থাপিত ৰহাৰ উচ্চ শিক্ষা অনুষ্ঠান ঐতিহ্যমণ্ডিত ৰহা মহাবিদ্যালয় ৰ হীৰক জয়ন্তী বৰ্ষ অহা ২১ আৰু ২২নবেম্বৰত দুদিনীয়া বিস্তৃত কাৰ্য্যসূচীৰে অনুষ্ঠিত কৰা বাবে ব্যাপক প্ৰস্তুতি চলাই থকাৰ সমান্তৰালকৈ সূচাৰু পৰিচালনাৰ বাবে ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসক সভাপতি, ৰহা মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি বিষ্ণু দাসক কাৰ্য্যকৰী সভাপতি আৰু ৰহা মহাবিদ্যালয় ৰ অধ্যক্ষ ড° বেদ কুমাৰ চলিহাক সম্পাদক হিচাপে লৈ ৰহা মহাবিদ্যালয় হীৰক জয়ন্তী সমাৰোহ উদযাপন সমিতি গঠন কৰাৰ লগতে বিভিন্ন বিভাগৰ ১০খন উপ সমিতি গঠন কৰা হৈছে।

        আগন্তক ২১ নবেম্বৰৰ পৰা দুদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হব লগা হীৰক জয়ন্তী বৰ্ষ সমাৰোহ লাইখুঁটা মাংগলিক নীতি নিয়মেৰে আজি স্থাপন কৰা হয়।

       এই উপলক্ষে আজি পূবা ৰহা মহাবিদ্যালয় বাকৰিত প্ৰবক্তা বলোৰাম নাথে আঁত ধৰা লাইখুঁটা স্থাপন অনুষ্ঠানত ৰহা মহাবিদ্যালয় ৰ প্ৰাক্তন অধ্যক্ষ গুনহাস বৰাই বন্তি প্ৰজ্বলন কৰাৰ পুৰোহিতৰ বৈদিক মন্ত্ৰচাৰনেৰে পুজা অৰ্চনা কৰি মাংগলিক নীতি নিয়মেৰে ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসে হীৰক জয়ন্তী বৰ্ষ সমাৰোহ ৰ লাইখুঁটা স্থাপন কৰে।

     লাইখুঁটা স্থাপন কৰি বিধায়ক শশীকান্ত দাসে কয় যে মহাবিদ্যালয় আন্তগাথনি উন্নয়নৰ বাবে বিধায়ক উন্নয়ন পুঁজিৰে ২০ লাখ টকাৰ অনুদান আবন্টন কৰা হৈ আৰু হীৰক জয়ন্তী বৰ্ষ স্মৃতি ৰুপে হীৰক জয়ন্তী বৰ্ষ ভবন নিৰ্মান কৰা হব আৰু লগতে কয় যে ৰহা মহাবিদ্যালয়ত বিজ্ঞান শাখা আৰম্ভ কৰাৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনোৱা হব আৰু মুখ্যমন্ত্ৰী ৰ বদন্যতাত ৰহা মহাবিদ্যালয় ত বিজ্ঞান শাখা আৰম্ভ কৰা হব আৰু ১১নবেম্বৰত ৰহা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আহিব আৰু আমি হীৰক জয়ন্তী বৰ্ষ ত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক মুখ্য অতিথি ৰুপে উপস্থিত থকাৰ বাবে আমন্ত্ৰণ জনাম।

       লাইখুঁটা স্থাপন অনুষ্ঠানত ৰহা মহাবিদ্যালয় প্ৰাক্তন আৰু বৰ্তমানৰ অধ্যাপক অধ্যাপিকা,ছাত্ৰ ছাত্ৰী সহ ৰহাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, দল সংগঠন ৰ প্ৰতিনিধি আৰু গনমান্য ব্যক্তি উপস্থিত থাকে।