প্ৰানৰ শিল্পী,হিয়াৰ আমঠু,মহানায়ক জুবিন বিহিন এমাহ,সমগ্ৰ ৰাজ্যৰ লগতে ৰহা ৰ বিভিন্ন প্ৰান্তত প্ৰানৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ সমান্তৰালকৈ সদৌ অসম ছাত্ৰ সন্থা ৰ আহ্বান ত ৰহা আঞ্চলিক সমিতিয়ে আজি সন্ধ্যা ৫বজাত ৰহা বজাৰ স্থিত সাৰ্বজনীন দূৰ্গা মন্দিৰ প্ৰাংগনত মহানায়ক জুবিন গাৰ্গৰ প্ৰতিচ্ছবি ৰ সন্মুখত বন্তি প্ৰজ্বলন কৰিশ্ৰদ্ধাঞ্জলি অৰ্পন কৰি সকলোৱে মায়াবিনী গীত পৰিবেশন কৰে আৰু জুবিন গাৰ্গ ৰ ন্যাস দাবী জনাই।

   ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰ প্ৰাক্তন অধ্যক্ষ জিতেন শৰ্মাৰ দ্বাৰা মুখ্য বন্ত প্ৰজ্বলন কৰা শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত ৰহা আঞ্চলিক ছাত্ৰ সন্থা ৰ সভাপতি সঞ্জয় কুমাৰ কাকতি, সম্পাদক ভাৰত বৰুৱা, সদৌ অসম তিৱা ছাত্ৰ সন্থা ৰ উপদেষ্টা প্ৰহ্লাদ কুমাৰ মছৰং,মাছ কেন্দ্ৰীয় সমিতিৰ সচিব প্ৰধান লক্ষী প্ৰসাদ ডেকা, ৰহা আঞ্চলিক সাংবাদিক সন্থাৰ সভাপতি দীপক কুমাৰ শৰ্মা,ৰহা পৌৰসভা ব্যবসায় সন্থাৰ সভাপতি কমল চন্দ্ৰ শৰ্মা সহ ৰহা শাখা সাহিত্য সভা,ৰহা সূৰ্য্যবতী শাখা সাহিত্য সভা,ৰহা লেখিকা সমাৰোহ সমিতি,সাংস্কৃতিক সামাজিক অনুষ্ঠান সুবাস,ৰহা সাৰ্বজনীন দূৰ্গা পুজা সমিতি,ৰহা পৌৰসভা ব্যবসায় সন্থা সহ অনুষ্ঠান প্ৰতিষ্ঠান ৰ প্ৰতিনিধি আৰু স্থানীয় ৰাইজ উপস্থিত থাকি হিয়াৰআমঠু জুবিন গাৰ্গ লৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।