অসমৰ হিয়াৰ আমঠু,জনপ্ৰিয় কন্ঠশিল্পী, হাটথ্ৰব,সংগীতশিল্পী জুবিন গাৰ্গৰ মৃত্যু ৰ খবৰে সমগ্ৰ ৰাজ্যৰ লগতে ৰহা,চাপৰমুখ শোকস্তব্ধ হৈ পৰে আৰু বিয়লী ৰহা আঞ্চলিক ছাত্ৰ সন্থা, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ,মাছ,তিৱা ছাত্ৰ সন্থা, হেঙুল হাইতাল,ৰহা শিল্পী কানন,মধ্য অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা,কোচ ৰাজবংশী সন্মিলনি,ৰহা ব্যবসায় সন্থা,ৰহা সাৰ্বজনীন দূৰ্গা মন্দিৰ পৰিচালনা সমিতি, সাংস্কৃতিক অনুষ্ঠান সুবাস,ৰহা বৌদ্ধিধৰ্মা কাৰাটে ক্লাব, ৰহা আঞ্চলিক সাংবাদিক সন্থা,ৰহা আঞ্চলিক ট্ৰাক চালক আৰু শ্ৰমিক উন্নয়ন সমিতি সহ ৰহাৰ বিভিন্ন দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠান আৰু ৰহাবাসী ৰাইজে জুবিন গাৰ্গৰ মৃত্যু ত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে কয় যে জুবিন গাৰ্গৰ মৃত্যু অসমৰ বাবে অপুৰনিয় ক্ষতি যি কেতিয়াও পুৰাব নোবাৰিব।

    লগতে বিয়লী ৰহা,চাপৰমুখৰ বিভিন্ন দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠান আৰু ৰহা,চাপৰমুখৰ ৰাইজে মৰমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিচ্ছবি ৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি অৰ্পন কৰি বিদেহী আত্মা চিৰ শান্তি ৰ বাবে এক মিনিট মৌন প্ৰাৰ্থনা কৰি শোক সম্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

   লগতে সুবাস ৰহাৰ লগতে বিভিন্ন জনে জুবিন গাৰ্গৰ জনপ্ৰিয় গীত পৰিবেশন কৰি শ্ৰদ্ধাৰে স্মৰন কৰে হিয়াৰ আমঠু জুবিন গাৰ্গক।

    লগতে শিল্পী জুবিন গাৰ্গৰ মৃত্যু শোকত অহাকালি পুবা ৫বজাৰ পৰা বিয়লী ৫বজালৈ ৰহা আঞ্চলিক ছাত্ৰ সন্থা, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ,মাছ,কোচ ৰাজবংশী ছাত্ৰ সন্থা,ৰহা ৰহদৈ বাৰোৱাৰী যুৱ মঞ্চ, কোচ ৰাজবংশী সম্মিলনী,ৰহা আঞ্চলিক ট্ৰাক চালক,মেজিক চালক আৰু শ্ৰমিক উন্নয়ন সমিতি সহ বিভিন্ন দল সংগঠনে ৰহা বন্ধৰ ঘোষনা কৰে।