পুনৰবাৰ মানৱ সমাজক লজ্জানত কৰা আন এক জঘন্য ঘটনা সংঘটিত হৈছে নগৰবেৰাত ৷

নগৰবেৰাৰ এগৰাকী বিবাহিত লম্পট ৰাজমিস্ত্ৰিয়ে ধৰ্ষণৰ অপচেষ্টা চলালে এগৰাকী নাবালিকা ছোৱালীক ৷

আৰু ঘৰত কোনো লোক নথকাৰ সুযোগত লম্পট ৰাজমিস্ত্ৰীয়ে ধৰ্ষণৰ অপচেষ্টা চলালে নাবালিকা গৰাকীক ৷

নাবালিকাৰ চিঞৰ-বাখৰত পলায়ন কৰিব লওঁতেই ওচৰচুবুৰীয়াই লম্পট ৰাজমিস্ত্ৰীজনক আটক কৰি গতাই দিয়ে নগৰবেৰা আৰক্ষীক ৷সমগ্ৰ ঘটনাই নগৰবেৰা সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ আৰু নগৰবেৰাৰ নমসুদ্ৰ পাৰাত দূপৰীয়াৰ ভাগত সংঘটাত হয় এই জঘণ্য ঘটনা ৷ প্ৰথমে ৰাজমিস্ত্ৰীয়ে কামৰ অজুহাতত সুমুৱাইছিল ঘৰত আৰু ঘৰত কোনেও নথকাৰ সুযোগতে এইগৰাকী লম্পট ৰাজমিস্ত্ৰী হাকিম আলী সংঘটিত কৰে এই ঘটনা ৷ইতিমধ্যেই ৰাইজে হাতেনাতে আটক কৰে লম্পটজনক ৷ নাবালিকাকক ধৰ্ষণৰ অপচেষ্টা চলোৱা এইগৰাকী লম্পট সাম্প্ৰতিক নগৰবেৰা আৰক্ষীৰ জালত ৷নাবালিকাক ধৰ্ষণৰ চেষ্টা চলোৱা এইগৰাকী লম্পট হাকিম আলীৰ ঘৰ নগৰবেৰাৰ নাইটৰ খোলা ৰিজাৰ্ভত ৷সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে নগৰবেৰা আৰক্ষীয়ে ৷