আজি বিশ্ব খনিকৰ, সৃজনকৰ্তা আৰু বাস্তুকলাৰ দেবতা শ্ৰীশ্ৰী বিশ্বকৰ্মা পূজা,সমস্ত ৰাজ্যৰ লগতে বৃহতৰ ৰহাতো উল্লহ মালহেৰে পালন কৰা হয়।
ৰহা ৰ বিভিন্ন প্ৰান্তৰ কল কাৰখানা,গেৰেজ সহ ৰহা টেম্পু আৰু মেজিক চালক সন্থা, ৰহা আঞ্চলিক ট্ৰাক চালক উন্নয়ন আৰু ৰহা শ্ৰমিক উন্নয়ন সমিতিৰ সহ বিভিন্ন প্ৰতিষ্ঠানত পুবা পুৰোহিত ৰ বৈদিক মন্ত্ৰচাৰনেৰে বিশ্ব খনিকৰ শ্ৰীশ্ৰী বিশ্বকৰ্মা ৰ পুজা অৰ্চনা কৰি সুখ শান্তি আৰু সমৃদ্ধিৰ কামনা কৰাৰ লগতে সমস্ত ক্ষেত্ৰ প্ৰভু বিশ্বকৰ্মাৰ জয় ধ্বনীৰে ভক্তিময় কৰি তুলে।লগতে ৰহাৰ ৰাইজে নিজৰ বাহনৰ পুজা অৰ্চনা কৰাৰ সমান্তৰালকৈ ৰহা নতুন চাৰিআলি ত বিয়লী ৫বজাত ৰহা আঞ্চলিক ট্ৰাক চালক উন্নয়ন আৰু ৰহা শ্ৰমিক উন্নয়ন সমিতিৰ উদ্যোগত অনুষ্ঠিত দিহানামত বিষ্ণুপ্ৰিয়া কৃষ্টিচৰা নামতি দলৰ দ্বাৰা দিহানাম পৰিবেশন কৰি সমস্ত ক্ষেত্ৰ ভক্তিময় কৰি তুলে।
এই উপলক্ষে ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাস সহ ৰহা আঞ্চলিক ট্ৰাক চালক উন্নয়ন আৰু ৰহা শ্ৰমিক উন্নয়ন সমিতিৰ বিষয় ববীয়া, সদস্য সদস্যা সহ ৰহাৰ বিভিন্ন প্ৰান্তৰ পৰা শতাধিক ৰাইজ আৰু গনমান্য ব্যক্তি উপস্থিত থাকে।