শিল্পী সকলক একত্ৰিত কৰি এক মঞ্চ দিয়াৰ উদ্দেশ্য বৰ্ষ ২০২২ত স্থাপিত ৰহা আঞ্চলিক শিল্পী কাননৰ সাধাৰন সভা আজি ৰহা আদৰ্শ শিশু বিকাশ কেন্দ্ৰ ত অনুষ্ঠিত হৈ যায় আৰু আগন্তুক এক বছৰৰ বাবে নতুন সমিতি গঠন কৰা হয়।
দুপৰীয়া ৩বজাৰ পৰা শিল্পী কাননৰ কাৰ্য্যকৰী সভাপতি প্ৰদীপ বৰদলৈৰ সভাপতিত্বত আৰু সাধাৰন সম্পাদক ভাস্কৰ জ্যোতি পাতৰৰ উদ্দেশ্য ব্যাখ্যাৰে অনুষ্ঠিত সভাত প্ৰয়াত শিল্পী সকলৰ আত্মা চিৰ শান্তি হেতু এক মিনিট মৌন প্ৰাৰ্থনা কৰাৰ লগতে বিভিন্ন বিষয়ত আলোচনা কৰা হয় আৰু পুৰনি সমিতি ভংগ কৰি আগন্তুক এক বছৰৰ কাৰ্য্যকালৰ বাবে সৰ্বসম্মতিত প্ৰদীপ কুমাৰ বৰদলৈক সভাপতি, ভাস্কৰ জ্যোতি পাতৰ ক সাধাৰন সম্পাদক হিচাপে লৈ ৰহা আঞ্চলিক শিল্পী কাননৰ নতুন সমিতি গঠন কৰাৰ লগতে শিল্পী সকলক সহায় কৰাৰ উদ্দেশ্য শিল্পী সাহাৰ্য্য ন্যাস গঠন কৰা হয় আৰু এই ন্যাসৰ জৰিয়তে প্ৰত্যেক বছৰে এজন শিল্পীক বঁটা প্ৰদান ৰ প্ৰস্তাৱ গ্ৰহন কৰাৰ প্ৰস্তাব লোবা হয়।
সভাত ৰহা আঞ্চলিক শিল্পী কাননৰ মুখ্য উপদেষ্টা প্ৰহ্লাদ কুমাৰ মছৰং,বিমান গাঁওখোৱা,মাধব চন্দ্ৰ নাথ,কাৰ্য্যকৰী সভাপতি পংকজ বৰদলৈ, উপ সভাপতি সঞ্জীৱ কুমাৰ বৰা,অসমী হাজৰিকা,ৰাতুল ৰাজবংশী, লক্ষী প্ৰসাদ ডেকা, সাংস্কৃতিক সম্পাদক ৰাজকুমাৰ গুপ্তা, সম্পাদিকা টুনটুন বৰদলৈ,মমী ডেকা,জ্যোতিকা পাতৰ সেনাপতি,সাংগঠনিক সম্পাদক মিকু বৰা,ইন্দ্ৰমোহন দাস,প্ৰচাৰ সম্পাদক চয়েল খেতান সহ ৰহা আঞ্চলিক শিল্পী কানন সহ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান ৰ প্ৰতিনিধি আৰু শিল্পী প্ৰান ৰাইজ উপস্থিত থাকে।