নিচাসক্ত লোকসকলৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে গোলাঘাটৰ এটা NGO ই । ৰেস্কিউ ফাওণ্ডেশ্যন নামৰ NGO টোয়ে 
ড্ৰাগচৰ দৰে ভয়াৱহ নিচাযুক্ত দ্ৰব্যৰ কৰাল গ্ৰাসৰ পৰা যুৱক-যুৱতীসকলক ৰক্ষা কৰিবৰ বাবে লৈ আহিছে বিশেষ পদক্ষেপ । ৰেস্কিউ ফাউণ্ডেশ্যনে  আধাৰসত্ৰৰ বহুমুখী প্ৰকল্পত এটা নিচা মুক্তি কেন্দ্ৰ স্থাপন কৰি প্ৰায় ৩৫ জন যুৱকক  চিকিৎসা কৰি স্বাভাৱিক জীৱনলৈ ঘূৰাই অনাৰ প্ৰচেষ্টা চলাইছে । এই NGO টোৱে ড্ৰাগছ, সুৰা তথা আন আন ৰাগিয়াল দ্ৰব‌্য আসক্ত সকলক চিকিৎসা প্ৰদান কৰাৰ লগতে বিভিন্ন মানসিক ৰোগাক্ৰান্ত লোকক চিকিৎসা প্ৰদান কৰাৰ ব্যৱস্থা কৰিছে ।

 ৰেস্কিও ফাওণ্ডেচনৰ এই প্ৰচেষ্টাই নিচাসক্ত বহু লোকৰ পৰিয়াললৈ এক আশাৰ বতৰা কঢ়িয়াই আনিছে । 24 ঘণ্টাই নিচাসক্ত লোকসকলৰ সেৱাৰ বাবে উৎসৰ্গিত নিচাসক্ত লোকৰ পৰিয়ালে তেওঁলোকৰ লগত যোগাযোগ কৰিব পাৰিব । ফোন নম্বৰ :-7086147062 , 60009 04648, 6000966177, 93949 38991