শিৱসাগঃ---চলিত মাহত জিলাখনত দুখন আৰু অহা অক্টোবৰ মাহত অনুষ্ঠিত হ’বলগীয়া বৃহৎ স্বাস্থ্য শিৱিৰৰ প্ৰস্তুতিৰ সন্দৰ্ভত ১১ ছেপ্তেম্বৰত এক বৈঠক অনুষ্ঠিত হয় । শিৱসাগৰৰ স্বাস্থ্য বিভাগৰ যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক ডাঃ মাখন কলিতাৰ সভাপতিত্ব আৰু শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ সাধন বৰাৰ উপস্থিতিত ডি .পি. এম. ইউৰ সদস্যসকলৰ সৈতে নিয়মাৱলী (SOP) আৰু শিৱিৰ বিন্যাস পৰিকল্পনা (Camp Layout Plan) অনুসৰি অনুষ্ঠিত হোৱা এই সভাখনত বৃহৎ স্বাস্থ্য শিৱিৰৰ সফল ৰূপায়ণৰ বাবে ব্যৱস্থা, মসৃণ সমন্বয় আৰু কাৰ্যকৰী বাস্তৱায়ন কিদৰে কৰিব পাৰি সেই সন্দৰ্ভত বিষদভাৱে আলোচনা কৰা হয় ৷ জিলা যুটীয়া স্বাস্থ্যসেৱা সঞ্চালকৰ কাৰ্যালয়ত অনুষ্ঠিত সভাখনত বিশেষভাৱে শিৱিৰৰ সফলতা নিশ্চিত কৰিবলৈ বিভিন্ন কৌশলসমূহত গুৰুত্ব আৰোপ কৰে বুলি জিলা গণমাধ্যম বিশেষজ্ঞ আৰু জনসম্পৰ্কৰক্ষী বিষয়া অঞ্জুশ্ৰী ফুকনে জানিবলৈ দিছে ৷ লগতে সভাত বিস্তাৰিতভাৱে কাৰ্যকৰী পৰিকল্পনা (চিকিৎসক, হিতাধিকাৰী,স্বাস্থ্য শিৱিৰৰ ৰভা, যাতায়াত ব্যৱস্থা)আৰু সফল ৰূপায়ণৰ বিষয়েও আলোচনা কৰা হয়। উল্লেখ যে, ডিপিএমইউ (DPMU) ৰ সদস্যসকলে তেওঁলোকৰ পূৰ্ণ সহযোগিতাৰ আশ্বাস আৰু সক্ৰিয় অংশগ্ৰহণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷