শিৱসাগৰ জিলাত বৃহৎ স্বাস্থ্য মেলা আয়োজনৰ প্ৰস্তুতি ৷ জিলা স্বাস্থ্য সমিতিৰ অন্তৰ্গত গেলেকী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ১১ ছেপ্তেম্বৰ, বৃহস্পতিবাৰে স্বাস্থ্য বিভাগৰ ক’ৰ কমিটি অৰ্থাৎ মূল সমিতিৰ সভাখন অনুষ্ঠিত হয়। মহকুমা স্বাস্থ্য বিষয়া ডাঃ প্ৰদ্যুৎ কোঁৱৰৰ সভাপতিত্বত আৰু বৃহৎ স্বাস্থ্য শিবিৰৰ ন'ডেল বিষয়া ডাঃ সৌভিক ভট্টাচাৰ্য্যৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভাখনিত কেতবোৰ গুৰুত্বপূৰ্ণ বিষয়ৰ সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হয়। যেনে মেগা হেল্থ কেম্প সম্পৰ্কীয় চূড়ান্ত তথ্য সংকলন কৰি দাখিল কৰা। মেগা হেল্থ কেম্পৰ দিনটোত ক’ৰ কমিটিৰ সদস্যসকলৰ দায়িত্ব আৰু ভূমিকাসমূহ হ'ব এনেধৰণৰ-- উপভোক্তাসকলৰ চলাচল সহজ কৰাৰ বাবে প্ৰতিটো চেক্টৰত তিনিটা পইন্ট নিৰ্বাচন কৰি তাৰ পৰা হিতাধিকাৰীসকলক নিয়া ৷ মেগা হেল্থ কেম্প সূচাৰুৰূপে চলাবলৈ বিভিন্ন উপ-কমিটি (যেনে--চিকিৎসকসকল, ANM, লেব টেকনিকিয়ান, MPW, ফাৰ্মাচিষ্ট আদি) গঠন কৰা ৷ ANM, সামূহিক স্বাস্থ্য বিষয়া, আশকৰ্মী, পৰ্যবেক্ষক মূল সমিতি আদিৰ বাবে নিৰ্ধাৰিত ইউনিফৰ্ম সম্পৰ্কে আলোচনা আদি ৷ লগতে সভাত গেলেকী স্বাস্থ্য খণ্ডৰ অধীনত "নিক্ষয়মিত্ৰ" কাৰ্যসূচী সম্পৰ্কে আলোচনা কৰা হয় আৰু এই কার্যসূচী সফল কৰিবলৈ মূল কমিটিৰ সদস্যসকলক দায়িত্ব অৰ্পণ কৰা হয় বুলি জিলা গণমাধ্যম আৰু জনসম্পৰ্কৰক্ষী বিষয়া অঞ্জুশ্ৰী ফুকনে জানিবলৈ দিছে ৷ এইদৰে কৰিলেই ক’ৰ কমিটিৰ সদস্যসকল মেগা হেল্থ কেম্পৰ বাবে অধিক উৎসাহিত হ’ব বুলি স্বাস্থ্য বিষয়াসকলে অনুভৱ কৰিছে ৷