আজিবিশ্ববৰন্য শিল্পী সুধাকন্ঠ ভাৰতৰত্ন ড° ভূপেন হাজৰিকা ৰ ওপজা দিন সমগ্ৰ ৰাজ্যৰ লগতে বৃহতৰ ৰহাতো বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, দল সংগঠনে গীত মাতে স্মৰণ কৰে সুধাকন্ঠক।

     সুধাকন্ঠৰ ওপজা দিন উপলক্ষে ৰহা নতুনচাৰিআলী ত বৰ্ষ ২০১৯ত শিশু অনুষ্ঠান অকণিৰ কবিতা ঘৰ,অসম কেন্দ্ৰীয় সমিতি ৰহাৰ ৰূপালী জয়ন্তী উপলক্ষে স্থাপিত সুধাকন্ঠৰ আবক্ষ প্ৰতিমূৰ্তি ৰ সন্মুখত কবিতা ঘৰৰ উদ্যোগত আৰু ৰহা সমজিলা ৰ সহযোগত অনুষ্ঠিত অনুষ্ঠানত ৰহা সমজিলা আয়ুক্ত ড° অংকিতা বৰাই বন্তি প্ৰজ্বলন কৰাৰ উপস্থিত সকলোবে পূষ্পাঞ্জলী অৰ্পন কৰি স্মৰণ কৰে।এই উপলক্ষে  ৰহা সমজিলা সহ আয়ুক্ত জেবিন গুলনাৰ,কবিতা ঘৰৰ প্ৰধান পৰিচালক অবনি কুমাৰ শইকীয়া,প্ৰধান সম্পাদক ৰন্টু মুদৈ, সহ  সম্পাদক ৰিতু দাস,সাংস্কৃতিক কৰ্মী ৰিপুঞ্জয় মেধি,সাবিত্ৰী শইকীয়া দাস,পংকজ বৰদলৈ,অজাপ নেতা বৰুন দাস,কবিতা ঘৰৰ প্ৰচাৰ সম্পাদক চয়েল খেতান সহ স্থানীয় ৰাইজ উপস্থিত থাকে।

   লগতে ৰহা মজলীয়া বিদ্যালয় ৰ উদ্যোগত আৰু ৰহা সমজিলা ৰ সহযোগত বিদ্যালয় প্ৰাংগনত অনুষ্ঠিত সুধাকন্ঠৰ শতবাৰ্ষিকী অনুষ্ঠানত ৰহা সমজিলা আয়ুক্ত ড° অংকিতা বৰাই বন্তি প্ৰজ্বলন কৰাৰ কন কন শিশু সকলৰ লগত কেক কাটি জন্ম দিন পালন কৰাৰ লগতে চি আৰ চি চি ৰুবুল কুমাৰ দাসে আঁত ধৰা অনুষ্ঠানত কন কন শিশু সকলে গীত নৃত্য পৰিবেশন কৰি সমস্ত ক্ষেত্ৰ মুখৰিত কৰি তুলে।অনুষ্ঠানত ৰহা সমজিলা সহ আয়ুক্ত জেবিন গুলনাৰ,ৰহা মজলীয়া বিদ্যালয় ৰ প্ৰধান শিক্ষক ডিম্বেশ্বৰ দাস সহ বিদ্যালয় ৰ শিক্ষক শিক্ষয়ত্ৰী, ছাত্ৰ ছাত্ৰী উপস্থিত থাকে।

    লগতে পুবা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ,ৰহা আঞ্চলিক সমিতিৰ উদ্যোগত পৰিষদৰ কাৰ্যালয় ত অনুষ্ঠিত অনুষ্ঠানত প্ৰাক্তন শিক্ষক সুৰেন্দ্ৰ কুমাৰ নাথ,ৰহা পৌৰসভা বাৰ্ড কমিচনাৰ ভূপেন দাস,লক্ষন দেওৰজাই সুুধাকন্ঠৰ প্ৰতিচ্ছবি ৰ সন্মুখত বন্তি প্ৰজ্বলন কৰাৰ লগতে উপস্থিত সকলোৱে পুষ্পাঞ্জলী অৰ্পন কৰি স্মৰণ কৰে।

এই উপলক্ষে ৰহা আঞ্চলিক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উপদেষ্টা হেমেন নাথ,হৰি প্ৰসাদ ৰাজখোৱা, নিলোৎপল হাজৰিকা, সভাপতি ৰুবুল মুদৈ,সম্পাদক গুনেন্দ্ৰ ডেকা সহ নগাঁও জিলা আৰু ৰহা আঞ্চলিক জাতীয়তাবাদী যুৱ পৰিষদৰ বিষয় ববীয়া উপস্থিত থাকে।

   সুধাকন্ঠ ভাৰতৰত্ন ড° ভূপেন হাজৰিকা ৰ ওপজা দিন উপলক্ষে বিয়লী ৩বজাত ৰহা শাখা সাহিত্য সভাৰ উদ্যোগত ৰহা আঞ্চলিক সাংবাদিক সন্থাৰ কাৰ্যালয় ত অনুষ্ঠিত অনুষ্ঠানত সুধাকন্ঠৰ প্ৰতিচ্ছবি ৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে ৰহা শাখা সাহিত্য সভাৰ উপদেষ্টা ভূবন চন্দ্ৰ দাস,মাল্যৰ্পন কৰে ৰহা শাখা সাহিত্য সভাৰ সভাপতি প্ৰহ্লাদ কুমাৰ মছৰং আৰু পুষ্পাঞ্জলী অৰ্পন কৰে কোষাধক্ষ্য ডমৰু শৰ্মা, ৰহা শাখা সাহিত্য সভা পত্ৰিকা সভাপতি প্ৰদীপ হাজৰিকা আৰু  উপ সভাপতি দীপক কুমাৰ শৰ্মাই। ৰহা শাখা সাহিত্য সভাৰ সম্পাদক লক্ষী প্ৰসাদ ডেকাই আঁত ধৰা অনুষ্ঠানত ৰহা শাখা সাহিত্য সভাৰ বিষয় ববীয়া আৰু গনমান্য ব্যক্তি উপস্থিত থাকি সুধাকন্ঠক স্মৰণ কৰে।