বৰ্ষ ১৯৯৪ৰ ১জানুৱাৰীত শিশুৰ সৰ্বাংগীন বিকাশ সাধনাৰ বাবে স্থাপিত ব্যক্তি ক্ৰম ধৰ্মী শিশু অনুষ্ঠান অকণিৰ কবিতা ঘৰ অসম কেন্দ্ৰীয় সমিতি ৰহাৰ দ্বাৰা শিশু সকলক কবিতা লিখিব,কবিতা পঢ়াৰ প্ৰতি আগ্ৰহী কৰাৰ উদ্দেশ্য যোৱা দুই মাহ ধৰি কবিতা ঘৰৰ বিভিন্ন শাখা সমিতিত কবিতা আবৃতিৰ অনুশিলন চলি থকাৰ পাছত আজি ৰহা মজলীয়া বিদ্যালয় স্থিত অকণিৰ কবিতা ঘৰৰ চোতালত বিয়লী ৩বজাৰ পৰা অনুষ্ঠিত হোবা  সমবেত আৰু একক কবিতা আবৃতিৰ মহাগুঞ্জন শীৰ্ষক প্ৰতিযোগিতাত কবিতা ঘৰৰ কেন্দ্ৰীয় সমিতিৰ লগতে বিভিন্ন শাখা সমিতিৰ কন কন শিশু সকলে অংশ গ্ৰহণ কৰি সমস্ত ক্ষেত্ৰ কবিতা আবৃতিৰে মুখৰিত কৰি তুলে।

কবিতা ঘৰৰ প্ৰধান সম্পাদক ৰন্টু মুদৈয়ে আঁত ধৰা প্ৰতিযোগিতাৰ ক শাখাত প্ৰথম স্থান প্ৰাপ্ত ইস্পিতা ডেকা,দ্বিতীয় স্থান প্ৰাপ্ত আকাংশী দাস,৩য় স্থান প্ৰাপ্ত কৃষ্টিনন্দিনী মুদৈ আৰু খ শাখাত প্ৰথম স্থান প্ৰাপ্ত আস্থা নন্দিনী মুদৈ,দ্বিতীয় স্থান প্ৰাপ্ত প্ৰিয়াংশী মেধী আৰু ৩য় স্থান প্ৰাপ্ত দয়াল কৃষ্ণ কোঁৱৰক এখন এখন মানপত্ৰ আৰু গ্ৰন্থ প্ৰদান কৰি পুৰস্কৃত কৰাৰ লগতে প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰা সমুহ প্ৰতিযোগিক এখন এখন অংশ. গ্ৰহনৰ মানপত্ৰ প্ৰদান কৰে।

   প্ৰতিযোগিতাত বিচাৰক ৰুপে কবিতা ঘৰৰ উপদেষ্টা মহেন্দ্ৰ কলিতা আৰু ৰহা পৌৰসভা ৰ উপ পৌৰপতি অনিমা দাস উপস্থিত থকাৰ লগতে কবিতা ঘৰৰ প্ৰধান পৰিচালক, কবি,শিশুপ্ৰিয় অবনি কুমাৰ শইকীয়া,সাহিত্যিক পেঞ্চনাৰ মনোৰমা ভূঞা, সহযোগী সম্পাদক ৰিতু দাস,সাংস্কৃতিক বিভাগৰ জয়ন্ত দাস,প্ৰচাৰ সম্পাদক চয়েল খেতান, ৰাজেশ কুমাৰ নন্দী সহ কবিতা ঘৰৰ অবিভাবক অবিভাবিকা, ছাত্ৰ ছাত্ৰী উপস্থিত থাকে।