ৰহা বৌদ্ধিধৰ্মা কাৰাটে ক্লাবৰ বাকৰিত উল্লহ মালহেৰে পালন কৰা হৈ শিক্ষক দিৱস আৰু শিষ্যই গুৰুৰ পৰা আশিৰ্বাদ লৈ জনালে শিক্ষক দিৱস ৰ শুভেচ্ছা।
ৰহা শংকৰদেৱ শিশু বিদ্যা নিকেতন ত প্ৰত্যেক দিনা বিয়লী ৪বজাৰ পৰা চলা ৰহা বৌদ্ধিধৰ্মা কাৰাটে ক্লাবৰ নিয়মীত সমৰকলা পাঠদানত ৰহা বৌদ্ধিধৰ্মা কাৰাটে ক্লাবৰ উদ্যোগত তথা ক্লাবৰ সম্পাদক সঞ্জীৱ কুমাৰ নাথে আঁত ধৰা শিক্ষক দিৱস উদযাপন অনুষ্ঠানত কাৰাটে ক্লাবৰ মুখ্য প্ৰশিক্ষক নিত্য কুমাৰ পাতৰক ছাত্ৰ ছাত্ৰী সকলে এখন এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই আশিৰ্বাদ লৈ শিক্ষক দিৱস ৰ শুভেচ্ছা জনাই আৰু মুখ্য প্ৰশিক্ষক নিত্য কুমাৰ পাতৰে নিজৰ গুৰু সকলক সেবা জনাই আশিৰ্বাদ লয়।
এই উপলক্ষে জাপান কোনিবাকাই, অসমৰ মুখ্য প্ৰশিক্ষক চিহান বিপুল দাস.অসম জাপান কোনিবাকাই ৰ Technical Doctor চিহান পংকজ কুমাৰ মুদৈ সহ ৰহা বৌদ্ধিধৰ্মা কাৰাটে ক্লাবৰ অবিভাবক অবিভাবিকা,ছাত্ৰ ছাত্ৰী আৰু গনমান্য ব্যক্তি উপস্থিত থাকে।