ৰহা আদৰ্শ পতঞ্জলি যোগ শিবিৰৰ নৱম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আজি উল্লহ মালহেৰে পালন কৰা হয়।
ৰহা পতঞ্জলি যোগ সমিতিৰ পৰিচালনাত প্ৰত্যেক পূবা ৫বজাৰ পৰা ৬বজালৈ চলা বিনামূলীয়া যোগ প্ৰনায়াম শিবিৰত আজি পূবা নৱম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে শিবিৰৰ মুখ্য যোগ গুৰু ৰাম নিবাস শৰ্মাই বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰাৰ লগতে যোগ সমিতিৰ প্ৰভাৰী কমল চন্দ্ৰ শৰ্মাই ৯ বছৰীয়া যাত্ৰাৰ ওপৰত বক্তব্য প্ৰদান কৰাৰ লগতে যোগ প্ৰনায়াম কৰা হয় আৰু প্ৰসাদ বিতৰন কৰি সমাপন কৰা অনুষ্ঠান ভজন কীৰ্তনেৰে ভক্তিময় হৈ পৰে।লগতে প্ৰতিষ্ঠা দিৱসত ৯বছৰে নি:স্বাৰ্থ ভাবে প্ৰশিক্ষণ দি অহা যোগ গুৰু ৰাম নিবাস শৰ্মাৰ এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়।
প্ৰভাৰী কমল চন্দ্ৰ শৰ্মাই জানিব দিয়ে যে ৰহা পতঞ্জলি যোগ সমিতি ৰ অন্তৰ্গত ৰহা,চাপৰমুখ,বাৰপুজিয়া,খাইগঢ
দীঘলদৰি,দিঘলীআটি সহ বিভিন্ন প্ৰান্তত দৈনিক যোগ শিবিৰ চলি আছে আৰু ৭বাৰ সহ প্ৰশিক্ষণ অনুষ্ঠিত হৈ আৰু ৪০০ যুৱক যুৱতী প্ৰশিক্ষণ লৈ বিভিন্ন প্ৰান্তত যোগ প্ৰনায়ামৰ প্ৰশিক্ষন দি আছে ।
প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰহা পতঞ্জলি যোগ সমিতিৰ বিও সচিব ত্ৰৈলোক্য মোহন নাথ,যুৱ প্ৰভাৰী অৰুপ বৈশ্য, ৰহা পৌৰ সভাৰ উপ পৌৰপতি অনিমা দাস সহ যোগ সমিতিৰ সদস্য ,সদস্যা আৰু যোগ শিক্ষক শিক্ষয়ত্ৰী,পুৰুষ, মহিলা,যুৱক, যুৱতী উপস্থিত থাকে।