সমাগত শ্ৰীশ্ৰী শাৰদীয় দুৰ্গা পুজা, সমস্ত ৰাজ্যৰ লগতে বৃহতৰ ৰহা,চাপৰমুখত আগন্তুক শাৰদীয় দুৰ্গা পুজা ৰ বিভিন্ন সমিতিৰ দ্বাৰা প্ৰস্তুতি আৰম্ভ কৰাৰ সমান্তৰালকৈ ৰূপালী জয়ন্তী বৰ্ষ গৰকা ২৭তম্ ৰহা পুৰনাচাৰিআলী দুৰ্গা পুজা উদযাপন সমিতিয়ে আজি ৰহা নতুনচাৰিআলী স্থিত হিন্দুস্তানী শিৱ মন্দিৰত সন্ধ্যা ৬বজাত পুৰোহিত ৰ বৈদিক মন্ত্ৰ চাৰনেৰে পুজা অৰ্চনা কৰি দেৱ ৰ দেৱ মহাদেৱ ৰ শ্ৰীচৰনত শৰাই আগবঢ়াই আৰু প্ৰসাদ বিতৰন কৰে।লগতে ৰহা পুৰনাচাৰিআলী দুৰ্গা পুজা উদযাপন সমিতিয়ে আগন্তুক দুৰ্গা পুজা ৰ প্ৰস্তুতি আৰম্ভ কৰাৰ লগতে সমিতিৰ প্ৰাক্তন সভাপতি ভুপেন দাসৰ ঘৰৰ বৰঙনি সংগ্ৰহৰ শুভাৰম্ভ কৰে।

    অনুষ্ঠানত ৰহা পুৰনাচাৰিআলী দুৰ্গা পুজা উদযাপন সমিতিৰ উপদেষ্টা মহেন্দ্ৰ কলিতা,সভাপতি চন্দন জ্যোতি ভূঞা,সম্পাদক মৃদুল হাজৰিকা সহ সমিতিৰ সদস্য সকল উপস্থিত থাকে।

    যোৱা ৩আগষ্টত ৰহা মজলীয়া বিদ্যালয় ত ৰহা পুৰনাচাৰিআলী দুৰ্গা পুজা উদযাপন সমিতি ৰ নতুন সমিতি গঠন কৰা হয়।