মনত প্ৰবল একাগ্ৰতা আৰু ইচ্ছা শক্তি থাকিলে দৰিদ্ৰতা কেতিয়াও শিক্ষা ৰ ক্ষেত্ৰত হেঙাৰ হব নোবাৰে তাকে প্ৰমান কৰিলে ওম প্ৰকাশ বনীয়াই।
ৰহা গাঁও ৰ ২নং বাৰ্ডৰ নিবাসী তথা টেম্পু চলাই পৰিয়ালৰ পুহপাল দি অহা মনী আৰু বৰ্নালী বনিয়াৰ সু সন্তান ওম প্ৰকাশ বনীয়াই হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত ডিচটিংচন উওিৰ্ন হোবাৰ লগতে নিজৰ প্ৰবল একাগ্ৰতা আৰু ইচ্ছা শক্তি ৰ বলত দৰিদ্ৰতাক নেওচি নীট পৰীকত ৪৪৭নং লৈ যোৰহাট মেডিকেল কলেজ ত স্থান পাবলৈ সক্ষম হৈ ৰহালৈ গৌৰৱ কঢিয়াই অনাৰ লগতে ৰহা নতুনচাৰিআলী নিবাসী তপন ভূঞা আৰু মনালিছা ভাৰতীৰ সু কন্যা স্বাশ্বতী ভূঞাই নীট পৰীক্ষা ত ৪১৩নং নলবাৰী মেডিকেল কলেজ ত স্থান পাবলৈ সক্ষম হৈ গৌৰৱ কঢিয়াই অনাত অসম জাতীয়তাবাদী যুব ছাত্ৰ পৰিষদৰ ৰহা আঞ্চলিক সমিতিৰ বিষয় ববীয়া দুয়ো মেধাবী ছাত্ৰ ছাত্ৰী ৰ ঘৰত উপস্থিত হৈ এখন এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই।
নগাঁও জিলা অসম জাতীয়তাবাদী যুব ছাত্ৰ পৰিষদৰ যুটিয়া সম্পাদক নিলোৎপল হাজৰিকা,ৰহা আঞ্চলিক ৰ উপদেষ্টা হৰি প্ৰসাদ ৰাজখোৱা, ৰহা আঞ্চলিক ৰ সভাপতি ৰুবুল মুদৈ,উপ সভাপতি দিনেশ নাথ উপস্থিত থাকে।