সমাগত ৭৯তম্ স্বাধীনত দিৱস, সমগ্ৰ ৰাজ্যৰ লগতে বৃহতৰ ৰহাতো উদযাপনৰ প্ৰস্তুতি চলাই থকাৰ সমান্তৰালকৈ ৰহা সমজিলা প্ৰশাসনে ৰহা ক্ৰীড়া সন্থাৰ খেলপথাৰত উদযাপন ৰ প্ৰস্তুতি চলাই থকা হৈছে।
লগতে ৰহা বজাৰ স্থিত সাৰ্বজনীন দূৰ্গা মন্দিৰ প্ৰাংগনত শিক্ষিত যুৱক সকলৰ দ্বাৰা গঠিত সাংস্কৃতিক অনুষ্ঠান সুবাস ৰ উদ্যোগত ৭৯তম্ স্বাধীনতা দিৱস আৰু সুবাসৰ চতুৰ্থ বৰ্ষপূৰ্তী উদযাপন ৰ ব্যাপক প্ৰস্তুতি চলাই থকা হৈছে।
সুবাসৰ কৰ্মকৰ্তা সকলে জানিব দিয়া মতে চতুৰ্থ বৰ্ষপূৰ্তী আৰু ৭৯তম্ স্বাধীনতা দিৱস উপলক্ষে পূবা ৭বজাত বন্তি প্ৰজ্বলন, পতাকা উওোলন কৰা হব।
লগতে এই উপলক্ষে পূবা ৭.৩০ বজাৰ পৰা সুবাসৰ বাকৰিৰ পৰা স্বাধীনতাৰ বাবে দৌৰ শীৰ্ষক চাইকেল দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত হব।চাইকেল দৌৰ সুবাসৰ ৰ পৰা আৰম্ভ হৈ আহঁতগুৰি অভাৰ ব্ৰীজ ৰ তলৰ পৰা হৈ ৰহা থানা হৈ সুবাসৰ বাকৰিত সমাপন হব।
পূবা ১০বজাৰ পৰা ক আৰু খ দুটা শাখাত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হব। ৩বজাৰ পৰা ৬বজালৈ সাংস্কৃতিক অনুষ্ঠান আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হব।
সন্ধ্যা ৬বজাত বঁটা বিতৰনী আৰু সমাপন সমাৰোহ অনুষ্ঠিত কৰা হব।
চাইকেল দৌৰ প্ৰতিযোগিতা ৰ প্ৰথম স্থান প্ৰাপ্ত প্ৰতিযোগীগ নগদ ২হাজাৰ টকা,ট্ৰফী ,মানপত্ৰ,দ্বিতীয় স্থান প্ৰাপ্ত প্ৰতিযোগীগ নগদ ১৫০০টকা,ট্ৰফী, মানপত্ৰ আৰু ৩য় স্থান প্ৰাপ্ত প্ৰতিযোগীগ নগদ ১হাজৰ টকা,ট্ৰফী, মানপত্ৰ আৰু চিত্ৰাংকন প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগীগ ট্ৰফী,মানপত্ৰ আৰু কুইজ প্ৰতিযোগিতাৰ শুদ্ধ উওৰ দিয়া জনক কলম ,চকলেট প্ৰদান কৰি পুৰস্কৃত কৰা হব।
সুবাসে প্ৰতিযোগিতা সমূহত অংশ গ্ৰহণ কৰিবলৈ ইচ্চুক প্ৰতিযোগী সকলক ৮০৯৯৭-৫৬৬৪৫ আৰু ৮৬৩৮০-৬২২৭১নং ত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।