অসম চৰকাৰৰ শিক্ষা বিভাগৰ দ্বাৰা আগন্তুক স্বাধীনতা দিৱস উপলক্ষে ৰাজ্যৰ বিদ্যালয় সমূহত ৰংগুলি অংকন,বেৰত জাতীয় পতাকা অংকন আৰু জাতীয় পতাকা আৰ্হিত ৰাখী প্ৰস্তুত কৰা প্ৰতিযোগিতাৰ নিৰ্দেশ দিয়া হৈ আৰু এই নিৰ্দেশনা অনুসৰি ৰহাৰ চাপৰমুখ বি বি হানচাৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে আগ্ৰহেৰে ৰংগুলি অংকন,বেৰত জাতীয় পতাকা অংকন আৰু জাতীয় পতাকা আৰ্হিত ৰাখী প্ৰস্তুত কৰে।
এই প্ৰতিযোগিতাত চাপৰমুখ বি বি হানচাৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰ প্ৰধান শিক্ষয়ত্ৰী মালাৰানী বৰা,শিক্ষয়ত্ৰী সীমা বৰুৱা সহ সমূহ শিক্ষক শিক্ষয়ত্ৰীয়ে সহযোগ আগবঢ়াই।