বৰ্ষ ১৮৬১ৰ ১৮অক্টোবৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰথম কৃষক বিদ্ৰোহ ফুলগুৰি ধেৱাৰ বীৰ যুদ্ধা বীৰ বাহু কৈৱৰ্তৰ প্ৰতিমূৰ্তি নিৰ্মান কাৰ্য্যৰ ৰহা বিধানসভা সমষ্টিৰ বিধায়ক শশীকান্ত দাসে আধাৰশিলা স্থাপন কৰি শুভাৰম্ভ কৰে।
অনুসূচিত জাতি মানচিত্ৰ, অসম ও ফেচবুক গ্ৰুপৰ উদ্যোগত ৰহা পণ্ডিত গোপীনাথ বৰদলৈ হাইস্কুল ত নিৰ্মান হব লগা বীৰ বাহু কৈৱৰ্তৰ প্ৰতিমূৰ্তি নিৰ্মান কাৰ্য্যৰ আধাৰশিলা স্থাপন অনুষ্ঠান আজি অনুষ্ঠিত হৈ আৰু দিনৰ ১বজাত ৰহা পণ্ডিত গোপীনাথ বৰদলৈ হাইস্কুল প্ৰাংগনত হাইস্কুল পৰিচালনা সমিতিৰ সভানেত্ৰী কল্পনা বৰুৱা ৰ দ্বাৰা বন্তি প্ৰজ্বলন আৰু ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসে প্ৰতিমূৰ্তি নিৰ্মান কাৰ্য্যৰ আধাৰশিলা স্থাপন কৰে আৰু বিধায়ক শশীকান্ত দাসে অনুসূচীত জাতি মানচিত্ৰ,অসম ও ফেচবুক গ্ৰুপৰ এই পদক্ষেপ ৰ শলাগ লৈ আৰু ২০২৪-২৫ বিধায়ক পুঁজিৰ পৰা ৫লাখ টকা অনুদান আগবঢ়াই আৰু আজি অনুদান ৰ প্ৰথম কিস্তিৰ ৩লাখ ৬২হাজাৰ টকাৰ চেক উদ্যোগতা সকলক প্ৰদান কৰে।
এই উপলক্ষে হাইস্কুল স্থিত সুধাকন্ঠ ড° ভূপেন হাজৰিকা সাংস্কৃতিক মঞ্চ ত অনুসূচিত জাতি মানচিত্ৰ ও ফেচবুক গ্ৰুপৰ অধক্ষ্য মনোজ সেনাপতি ৰ সভাপতিত্বত আৰু সম্পাদক অপূৰ্ব কুমাৰ দাস ৰ উদ্দেশ্য ব্যাখ্যাৰে অনুষ্ঠিত হোবা সভাত বিধায়ক শশীকান্ত দাস ৰ লগত ৰহা সমজিলা আয়ুক্ত ফিলিচ ভি এল হুংচল,চাপৰমুখ গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি জনাৰ্দন শইকীয়া,ৰহা পণ্ডিত গোপীনাথ বৰদলৈ হাইস্কুল ৰ প্ৰধান শিক্ষয়ত্ৰী অনুপ্ৰভা কোঁৱৰ সিংহা,বীৰ বাহু কৈৱৰ্ত প্ৰতিমৰ্তি নিৰ্মান সমিতিৰ সভাপতি Niripen Mandal.সম্পাদক প্ৰদীপ কুমাৰ দাস সহ অনুসূচিত জাতি মানচিত্ৰ,অসম ও ফেচবুক গ্ৰুপ,বীৰ বাহু কৈৱৰ্ত প্ৰতিমূৰ্তি নিৰ্মান সমিতিৰ প্ৰতিনিধি, সদস্য, সদস্যা,ছাত্ৰ ছাত্ৰী আৰু গনমান্য ব্যক্তি উপস্থিত থাকে।