সমাগত শ্ৰীশ্ৰী শাৰদীয় দুৰ্গা পুজা, সমস্ত ৰাজ্যৰ লগতে বৃহতৰ ৰহা,চাপৰমুখত আগন্তুক শাৰদীয় দুৰ্গা পুজা ৰ বিভিন্ন পুজা সমিতিৰ দ্বাৰা প্ৰস্তুতি আৰম্ভ কৰাৰ সমান্তৰালকৈ ৰহা মজলীয়া বিদ্যালয় প্ৰাংগনত দেওবাৰে বিয়লী ৫বজাত ৰূপালী জয়ন্তী বৰ্ষ গৰকা ৰহা পুৰনাচাৰিআলী দূৰ্গা উৎসৱ উদযাপন সমিতিৰ সভা অনুষ্ঠিত হৈ যায়।
সমিতিৰ উপদেষ্টা মহেন্দ্ৰ কলিতা ৰ সভাপতিত্বত আৰু সম্পাদক মৃদুল হাজৰিকাৰ উদ্দেশ্য ব্যাখ্যাৰে অনুষ্ঠিত হোবা সভাত উপস্থিত সদস্য সকলে নিজৰ নিজৰ মতামত দাঙি ধৰাৰ লগতে বিভিন্ন বিষয়ত বিস্তৃত আলোচনা কৰা হৈ আৰু আৰু আগন্তুক শাৰদীয় দুৰ্গা পুজা সূচাৰু পৰিচালনাৰ বাবে পুৰনা সমিতি বাহাল ৰাখি সৰ্বসম্মতিত পুনৰ চন্দন জ্যোতি ভূঞা ক সভাপতি, মৃদুল হাজৰিকাক সম্পাদক হিচাপে লৈ শক্তিশালী ৰহা পুৰনাচাৰিআলী দুৰ্গা পুজা উৎসৱ উদযাপন সমিতি গঠন কৰাৰ লগতে ৭লাখ টকাৰ বাজেট নিৰ্ধাৰণ কৰি ২৭তম্ শাৰদীয় দুৰ্গা পুজা ৰ প্ৰস্তুতি আৰম্ভ কৰা হৈছে।
সভাপতি চন্দন জ্যোতি ভূঞাই জানিব দিয়ে যে বিখ্যাত মন্দিৰৰ আৰ্হিত পুজা মণ্ডপ নিৰ্মান কৰা হব আৰু ১৫আগষ্টৰ পূৰ্বে শৰাই অৰ্পন কৰি পুজা প্ৰস্তুতি আৰম্ভ কৰিব আৰু সমূহ ভক্তপ্ৰান ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে।
সভাত ৰহা পুৰনাচাৰিআলী দুৰ্গা পুজা উৎসৱ উদযাপন সমিতিৰ সদস্য উপস্থিত থাকে।