ৰহা হেঙুল হাইতাল ৰ উদ্যোগত যোবা ১৮জুলাইৰ পৰা ২৭জুলাই লৈকে চলা গ্ৰীষ্মকালীন বিশেষ সৃষ্টিশীল নৃত্য আৰু প্ৰযোজনা ভিওিক নাট কৰ্মশালা ৰ আজি সমাপন সমাৰোহ অনুষ্ঠিত হয়।
ৰহা ক্ৰীড়া সন্থাৰ প্ৰেক্ষাগৃহ ত অনুষ্ঠিত হোবা কৰ্মশালা সামৰনি অনুষ্ঠান ৰ উদ্বোধন কৰে ৰহা পৌৰসভাৰ উপ পৌৰপতি অনিমা দাসে।
হেঙুল হাইতাল ৰ সম্পাদক সঞ্জয় বৰাই আঁত ধৰা সামৰনি অনুষ্ঠানত কৰ্মশালা ত প্ৰশিক্ষণ লোবা কন কন শিশু সকলে গীত,নৃত্য আৰু কৃষক নামৰ নাটক মঞ্চস্থ কৰি সকলোকে আপ্লুত কৰি তুলে।লগতে প্ৰশিক্ষণ লোবা কন কন শিশু সকলক হেঙুল হাইতাল ৰ ফালৰ পৰা মানপত্ৰ প্ৰদান কৰা হয়।
অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে সমাজকৰ্মী ড° অসীম কুমাৰ দাস, সদৌ অসম ছাত্ৰ সন্থা ৰ সহকাৰী সম্পাদক মৃদুল হাজৰিকা,নাট্যকাৰ তথা শিক্ষক চন্দন জ্যোতি ভূঞা,মাছ কেন্দ্ৰীয় সমিতিৰ সচিব প্ৰধান লক্ষী প্ৰসাদ ডেকা সহ হেঙুল হাইতাল ৰ সদস্য, সমস্যা,কন কন শিশু, যুৱক, যুৱতী, অবিভাবক,অবিভাবিকা আৰু গনমান্য ব্যক্তি উপস্থিত থাকে।