ৰহা আটিগাঁও নিবাসী তথা চাপৰমুখ চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয় ৰ প্ৰধান শিক্ষক ৰুপ কান্ত বৰা আৰু জিলি বৰাৰ সু পুত্ৰ ঈশান বৰাই বুধবাৰে ঘোষিত অসম লোকসেৱা আয়োগৰ মীন উন্নয়ন বিষয়া পৰীক্ষা ত উওিৰ্ন হৈ নগাঁও জিলা ৰ লগতে সমস্ত ৰহা আৰু চাপৰমুখলৈ গৌৰৱ কঢিয়াই আনিবলৈ সক্ষম হয়।

   ঈশান ৰ এই কৃতিত্ব ৰ বাবে আজি বিয়লী ৰহা আঞ্চলিক ছাত্ৰ সন্থা ৰ সভাপতি সঞ্জয় কুমাৰ কাকতি,, সম্পাদক ভাৰত বৰুৱা আৰু চাপৰমুখ পতঞ্জলি যোগ সমিতি ৰ সদস্যা সহ স্থানীয় ৰাইজ ঈশান ৰ ঘৰত উপস্থিত হৈ এখন এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই শুভেচ্ছা দিয়ে।