বৰহাটৰ টিয়কীয়া ডফলা গাঁৱৰ ৰাইজে হাতীজান জুৰিৰ লেটেৰা বিজাণু যুক্ত পানী খাই জীয়াই আছে। 

গ্ৰাম্যাঞ্চলৰ উন্নয়নৰ নামত চৰকাৰে যিমানেই ধাকঢ়োল নবজাক কিয়।কিন্ত বাস্তৱ ক্ষেত্ৰত গাওঁ সমূহত সম্পুৰ্ণ এখন ওলতা চবি প্ৰতিফলিত হোৱা পৰিলক্ষিত হয়। তেনে এখন গাওঁ হৈছে চৰাইদেউ জিলাৰ সোণাৰি সমষ্টিৰ অসম-অৰুণাচল ৰাজ্যৰ সীমান্তৱৰ্তী ঐতিহাসিক লাহদৈগড় সমীপৰ পূৰ্বাঞ্চল গাওঁ পঞ্চায়তৰ অন্তৰ্গত টিয়কীয়া ৫নং ৱাৰ্ডৰ ডফলা গাঁৱৰ ৰাইজে বহু বছৰ পৰা দিল্লী সংৰক্ষিত বনাঞ্চলৰ পাহাৰৰ পৰা বৈ অহা হাতীজান নামৰ এটা জুৰিৰ লেটেৰা, দুষিত,বিজাণু যুক্ত পানী তথা গৰু, মহ ,কুকুৰে খোৱা,পানী খাই জীয়াই থাকিব লগা হৈছে।।যাৰ ফলত এই অঞ্চলৰ ৰাইজৰ সঘনে পেতৰ অসুখ হোৱা পৰিলক্ষিত হৈছে।

অতি পৰিতাপৰ বিষয় যে জল জীৱন মিচনৰ অধীনত বৰহাটৰ বিভিন্ন অঞ্চলত বৰ্তমান আধাৰশিলা স্থাপন হৈ আছে ।অথচ টিয়কীয়া ডফলা গাওঁত আজি পৰ্যন্ত এখনো পানী যোগান আঁচনি আধাৰশিলা স্থাপন কৰা পৰিলক্ষিত নহ'ল।যাৰ বাবে টিয়কীয়া ডফলা গাঁৱৰ ৰাইজে এটুপি খোৱা পানীৰ বাবে হাহাকাৰ কৰিব লগা হৈছে।উল্লেখ্য যে অঞ্চলটোৰ ৰাইজে এখন পানী যোগান আঁচনি নিৰ্মাণ কৰিবৰ বাবে চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষৰ লগতে মন্ত্ৰী, বিধায়ক বহু বাৰ আবেদন-নিবেদন কৰাৰ পাছতো আজি পৰ্যন্ত অঞ্চলটোত এখন পানী যোগান আঁচনি নিৰ্মাণ নকৰাত ৰাইজে ক্ষোভ প্ৰকাশ কৰাৰ লগতে অচিৰেই টিয়কীয়া ডফলা গাওঁত এখন পানী যোগান আঁচনি নিৰ্মাণ কৰিবলৈ দাবী জনাইছে।