১জানুবাৰী ১৯৯৪বৰ্ষত শিশুৰ সৰ্বাংগীন বিকাশ সাধনৰ বাবে স্থাপিত ব্যক্তিক্ৰম ধৰ্মী শিশু অনুষ্ঠান অকণিৰ কবিতা ঘৰ অসম কেন্দ্ৰীয় সমিতি ৰহাৰ উদ্যোগত বৰ্ষ ২০২৪ৰ ৫জুন ৰ পৰা ২০২৫বৰ্ষৰ ৫জুনলৈ অনুষ্ঠিত বনৌষধি গছৰ সৈতে বন্ধু পাতোঁ আহা শীৰ্ষক প্ৰতিযোগিতাত প্ৰথম স্থান প্ৰাপ্ত ইস্পিতা ডেকা, দ্বিতীয় স্থান প্ৰাপ্ত  ৰিমচা পাতৰ,৩য় স্থান প্ৰাপ্ত মিঠু চন্দ্ৰ সিংহ ক কবিতা ঘৰে সেউজ জ্যোতি উপাধি প্ৰদান কৰাৰ লগতে উদগনী বঁটা প্ৰিয়াংশী মেধীক প্ৰদান কৰা হয়।

      ৰহা মজলীয়া বিদ্যালয় ত প্ৰত্যেক দেওবাৰে অনুষ্ঠিত হোবা কবিতা ঘৰৰ সাপ্তাহীক শ্ৰেণী ত আজি অনুষ্ঠিত হোবা বিশেষ কাৰ্য্যসূচী ত সেউজ জ্যোতি উপাধি প্ৰাপক সকলক এখন এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা ৰ লগতে সেউজ জ্যোতি উপাধি ৰ মানপত্ৰ প্ৰদান কৰা হয়।

       অকণিৰ কবিতা ঘৰ অসম কেন্দ্ৰীয় সমিতি ৰহাৰ প্ৰধান পৰিচালক শিশুপ্ৰিয় অবনী কুমাৰ শইকীয়া,প্ৰধান সম্পাদক ৰন্টু মুদৈ সহ কবিতা ঘৰৰ শিক্ষক শিক্ষয়ত্ৰী, অবিভাবক অবিভাবিকা,শতাধিক ছাত্ৰ ছাত্ৰী সকলৰ উপস্থিতিত অনুষ্ঠিত বিশেষ কাৰ্য্যসূচী ত কবিতা ঘৰৰ কন কন শিশু সকলে কবিতা আবৃতি আৰু বক্তব্য প্ৰদান কৰি সকলোকে আপ্লুত কৰি তুলে।

     কবিতা ঘৰৰ প্ৰধান সম্পাদক ৰন্টু মুদৈয়ে জানিব দিয়ে যে কবিতা ঘৰে বৰ্ষ ২০২৩ৰ পৰা এই প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰে আৰু বৰ্ষ ২০২৩ ৰ ৫জুনৰ পৰা বৰ্ষ ২০২৪ৰ ৫জুনলৈ অনুষ্ঠিত হোবা প্ৰতিযোগিতাৰ বিষয় আছিল গছ আমাৰ প্ৰান আৰু বৰ্ষ ২০২৫-২৬বৰ্ষৰ বাবে প্ৰতিযোগিতাৰ বিষয় হব জন্তু আৰু পক্ষী আমাৰ সখি।

          অনুষ্ঠানত কবিতা ঘৰৰ এই পদক্ষেপৰ প্ৰশংসা কৰে।অনুষ্ঠানত অকণিৰ কবিতা ঘৰ অসম কেন্দ্ৰীয় সমিতি ৰহাৰ সহ সম্পাদক ৰিতু দাস, প্ৰচাৰ সম্পাদক চয়েল খেতান, সুভাষ কুমাৰ বৰা,  সাংস্কৃতিক সম্পাদক জয়ন্ত দাস,শিক্ষা সম্পাদক ৰাজেশ কুমাৰ নন্দী সহ অবিভাবক অবিভাবিকা আৰু ছাত্ৰ ছাত্ৰী উপস্থিত থাকে।