ৰহা পৰিপূৰক স্বাস্থ্য কেন্দ্ৰ ১৮৯০বৰ্ষৰ ৬জুনত জন্ম গ্ৰহণ কৰা অসমৰ প্ৰথম মুখ্যমন্ত্ৰী ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ৰ ১৩৬সংখ্যক জন্ম জয়ন্তী পালন কৰা হয় আৰু ছাত্ৰ ছাত্ৰী ৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়।

       অসম চৰকাৰ সংগ্ৰাহালয় সঞ্চালকালয় ৰ উদ্যোগত পূবা লোকপ্ৰিয় গোপীনাথ বৰদলৈ স্মৃতি সমগ্ৰাহালয় স্থিত লোকপ্ৰিয় ৰ আবক্ষ প্ৰতিমূৰ্তি ৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলী অৰ্পন কৰাৰ পাছত দিনৰ ১২বজাত ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয় স্থিত মহেন্দ্ৰ নাথ বৰদলৈ প্ৰেক্ষাগৃহ ত সংগ্ৰাহালয় সঞ্চালকালয়,অসমৰ উদ্যোগত অনুষ্ঠিত লোকপ্ৰিয়ৰ ১৩৬সংখ্যক জন্ম জয়ন্তী উপলক্ষে লোকপ্ৰিয় ৰ প্ৰতিচ্ছবি ৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলী অৰ্পন কৰি শ্ৰদ্ধাৰে স্মৰণ কৰাৰ পাছত জাতীয় সংগীত পৰিবেশনেৰে শুভাৰম্ভ হোবা আৰু সংগ্ৰাহালয় সঞ্চালকালয়,অসমৰ সঞ্চালক অৰিন্দম বৰুৱা ৰ আদৰণি ভাষন আৰু সংগ্ৰাহালয় সঞ্চালকালয়ৰ চিনিয়ৰ এচিচটেন্ট পাৰ্থ জীত ডেকাই আঁত ধৰা অনুষ্ঠানত বিশিষ্ট লেখক তথা অৱসৰ প্ৰাপ্ত সহযোগী অধ্যাপক ড° ৰঞ্জিত সভাপণ্ডিত মুখ্য বক্তা ৰুপে উপস্থিত থাকি লোকপ্ৰিয় ৰ ৰাজহুৱা জীৱন পৰিক্ৰমা ওপৰত বিস্তৃত আলোকপাত কৰে।

      লগতে সংগ্ৰাহালয় সঞ্চালকালয়,অসমৰ সঞ্চালক অৰিন্দম বৰুৱাই সাংবাদিক সকলক সন্মোধন কৰি কয় যে জন্মস্থান ৰহা স্থিত লোকপ্ৰিয় ৰ স্মৃতি সংগ্ৰাহালয়ত লোকপ্ৰিয় ৰ বিভিন্ন মূল্যৱান সামগ্ৰী চিঠি পত্ৰ সংৰক্ষণ কৰা হৈছে আগন্তুক দিনত সংগ্ৰাহালয় উন্নয়ন ৰ বাবে পদক্ষেপ লোবাৰ বিষয়ে অবগত কৰি ছাত্ৰ ছাত্ৰী সকলক লোকপ্ৰিয় ৰ বিষয়ে জানিবলৈ ৰহা স্থিত লোকপ্ৰিয় সংগ্ৰাহালয় ত আহিবলৈ আহ্বান জনাই।

       লোকপ্ৰিয় ৰ জন্ম জয়ন্তী উপলক্ষে অনুষ্ঠিত চিত্ৰাংকন প্ৰতিযোগিতাত ৰহাৰ বিভিন্ন বিদ্যালয় ৰ শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশ কৰি লোকপ্ৰিয়ৰ প্ৰতিচ্ছবি অংকন কৰে আৰু প্ৰতিযোগিতাত বিজয়ী প্ৰতিযোগী সকলক সংগ্ৰাহালয় সঞ্চালকালয়,অসমৰ ফালৰ পৰা মানপত্ৰ প্ৰদান কৰি পুৰস্কৃত কৰা হয়।

       ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰ শিক্ষয়ত্ৰী সকলৰ দ্বাৰা সমবেত সংগীত পৰিবেশন কৰা অনুষ্ঠানত ৰহা সমজিলা আয়ুক্ত ফিলিছ ভি এল হ্ৰংছল,উপ আয়ুক্ত বিদ্যাশ্ৰী লাংথাছা,ৰহা ৰাজহ চক্ৰ ৰ চক্ৰ বিষয়া সুপ্ৰভা ৰয়,ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰ অধ্যক্ষ প্ৰভাত চন্দ্ৰ নাথ,ৰহা মহাবিদ্যালয় ৰ প্ৰাক্তন প্ৰবক্তা যতীন্দ্ৰ কুমাৰ পাৰৈ,প্ৰবক্তা মৃনাল শৰ্মা সহ সংগ্ৰাহালয় সঞ্চালকালয়ৰ বিষয় ববীয়া,ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰ শিক্ষক শিক্ষয়ত্ৰী আৰু শতাধিক ছাত্ৰ ছাত্ৰী আৰু গনমান্য ব্যক্তি উপস্থিত থাকে।