আজি বিশ্ব পৰিবেশ দিৱস, সমস্ত ৰাজ্যৰ লগতে ৰহাতো বিশ্ব পৰিবেশ দিৱস পালন কৰাৰ সমান্তৰালকৈ ৰহা নৱ সূৰুজ সংঘৰ উদ্যোগত ৰহা খাইগড স্থিত ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰ অধ্যক্ষ প্ৰভাত চন্দ্ৰ নাথ আৰু সমাজকৰ্মী প্ৰদীপ বৰদলৈয়ে বকুল ফুল,নাহৰৰ গছপুলি ৰোপন কৰি সংঘৰ এই পদক্ষেপ ৰ প্ৰশংসা কৰে।

    ৰহা নৱ সূৰুজ সংঘৰ সম্পাদক অসীম হাজৰিকাই আঁত ধৰা অনুষ্ঠানত সংঘৰ সভাপতি সুৰেন কুমাৰ নাথ, উপ সভাপতি ললিত হাজৰিকা,কোষাধ্যক্ষ দিবাকৰ পাতৰ,ব্যবস্থাপক ৰুপ জ্যোতি বৰা, দীপু দাস,প্ৰচাৰ সম্পাদক ভাস্কৰ জ্যোতি পাতৰ, সদস্য পল কুমাৰ নাথ, প্ৰবীন কুমাৰ নাথ, বিশ্ব জ্যোতি ডেকা,ননী গোপাল দাস উপস্থিত থাকে।