বৰ্ষ ২০১৭পৰা ৰহাত বিনামূলীয়া কৈ যোগ শিবিৰ চলাই থকা ৰহা পতঞ্জলি আদৰ্শ যোগ শিবিৰত আজি পূবা উপস্থিত হৈ পতঞ্জলি হৰিদ্বাৰ ৰ কেন্দ্ৰীয় প্ৰভাৰী ভাই ৰাকেশজী।
ৰহা মহেন্দ্ৰ নাথ হাজৰিকা স্মৃতি ভবনত পূবা ৬বজাত সাহিত্যিক পেঞ্চনাৰ তথা ৰহা পতঞ্জলি আদৰ্শ যোগ শিবিৰৰ উপদেষ্টা মনোৰমা ভূঞাৰ দ্বাৰা বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰা যোগ শিবিৰত মুখ্য যোগ গুৰু ৰামনিবাস শৰ্মাই উপস্থিত সকলোকে যোগ প্ৰনায়াম কৰোবাৰ লগতে যোগ শিবিৰত পতঞ্জলি হৰিদ্বাৰৰ কেন্দ্ৰীয় প্ৰভাৰী ভাই ৰাকেশজী,ভাৰত স্বাভীমান পশ্চিম প্ৰান্ত অসমৰ প্ৰভাৰী বিদ্যাধৰ কুম্ভকাৰ,পূব প্ৰান্ত অসমৰ প্ৰভাৰী দিব্যজ্যোতি বৰুৱা আৰু কাৰ্য্যালয় প্ৰভাৰী প্ৰণব হালৈ উপস্থিত হোবাত ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই উষ্ম আদৰণি জনোৱা হয়।
ৰহা পতঞ্জলি আদৰ্শ যোগ শিবিৰৰ প্ৰভাৰী কমল শৰ্মাই আঁত ধৰা অনুষ্ঠানত দিব্যজ্যোতি বৰুৱা, বিদ্যাধৰ কুম্ভকাৰ আৰু প্ৰণব হালৈ সম্বোধন কৰাৰ লগতে পতঞ্জলি হৰিদ্বাৰ ৰ কেন্দ্ৰীয় প্ৰভাৰী ভাই ৰাকেশজীয়ে ৰহা আদৰ্শ পতঞ্জলি যোগ শিবিৰৰ ভূয়সী প্ৰশংসা কৰি কৈ যে ৰহা আদৰ্শ পতঞ্জলি যোগ শিবিৰত আদৰ্শ যোগ শিবিৰ সঞ্চালিত হৈ আছে।লগতে কয় যে ৰহা আদৰ্শ পতঞ্জলি যোগ শিবিৰৰ দ্বাৰা ৫হাজাৰ লোকক প্ৰশিক্ষণ দিয়া হৈছে আৰু আগন্তুক জুন জুলাইত ৰহা ৰ প্ৰত্যেক পৰিয়ালৰ পৰা সদস্যক জড়িত কৰি শিবিৰৰ সংখ্যা ৫০০ কৰিবলৈ আহ্বান জনাই কৈ যে ৰহা আদৰ্শ পতঞ্জলি যোগ শিবিৰে ভাল কাম কৰি আছে সেইয়ে বেমাৰ আজাৰৰ পৰা হাত সাৰিবলৈ সকলোকে পতঞ্জলি আদৰ্শ যোগ শিবিৰৰ বিনামূলীয়া শিবিৰত আহি যোগ প্ৰানায়াম কৰি সুস্থ সবল থাকিবলৈ অনুৰোধ জনাই।
অনুষ্ঠানত নগাঁও জিলা পতঞ্জলি মহিলা প্ৰভাৰী ৰুপজ্যোতি দেৱী,ৰহা তহচিল মহিলা পতঞ্জলি প্ৰভাৰী স্বৰ্নলতা ভূঞা,যুৱ ভাৰত ৰ জিলা প্ৰভাৰী সঞ্জয় কুমাৰ কাকতি, ৰহা পতঞ্জলি আদৰ্শ যোগ শিবিৰৰ মুখ্য যোগ গুৰু ৰামনিবাস শৰ্মা,সাধাৰন সম্পাদক বিনোৱা ৰাজবংশী, বিত্ত সম্পাদক ত্ৰৈলোক্য মোহন নাথ, সহ প্ৰভাৰী সুনিল হাজৰিকা, প্ৰণব কাকতি,তহচিল যুৱ ভাৰত প্ৰভাৰী অৰুপ বৈশ্য, অসীম হাজৰিকা, দিগন্ত ভূঞা সহ ৰহা আদৰ্শ পতঞ্জলি যোগ শিবিৰ,ৰহা তহচিল মহিলা পতঞ্জলি সহ ৰহা,চাপৰমুখ, বাৰপূজীয়া,দীঘলীআটি, খাইগড,দিঘলদৰী সহ বিভিন্ন পতঞ্জলি শাখা সমিতিৰ প্ৰতিনিধি,যোগ শিক্ষক শিক্ষয়ত্ৰী সহ গনমান্য ব্যক্তি উপস্থিত থাকে।