বঙাইগাঁও জিলা স্বাস্থ্য সমিতিয়ে জিলা উপায়ুক্ত নবদ্বীপ পাঠকৰ সভাপতিত্বত উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অহা ১৮ ছেপ্টেম্বৰৰ পৰা ২০ ছেপ্টেম্বৰলৈ হবলগীয়া( Sub- National immunization day) উপ-ৰাষ্ট্ৰীয় টীকাকৰণ দিৱস সম্পৰ্কে এখনি জিলা পৰ্যায়ৰ সভা অনুষ্ঠিত কৰে।

উক্ত সভাত অতিৰিক্ত জিলা উপায়ুক্ত(স্বাস্থ্য) শ্যামল ক্ষেত্ৰ গগৈ, যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডা:পৰেশ কুমাৰ ৰয়, বিশ্ব স্বাস্থ্য সংস্থাৰ জ্যেষ্ঠ বিষয়া ডা:হীৰেন গগৈ, জিলা টীকাকৰণ বিষয়া ডা:পুস্পেন্দু দাস,অন্যান্য স্বাস্থ্য বিষয়াসকল, সমাজ কল্যাণ, এপিডিচিএল, ৰেলৱে হাস্পতালৰ বিষয়ববীয়া, শিক্ষা, পৰিবহন, উদ্যোগ আৰু বাণিজ্য, জনসংযোগ আদি বিভাগৰ বিভাগীয় মুৰব্বী সকল লগতে খণ্ড পৰ্যায়ৰ সকলো স্বাস্থ্য বিষয়া তথা ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ বিষয়া সকল উপস্থিত থাকে। শূন্যৰ পৰা ৫৯(উনষাঠী )মাহ'লৈকে সকলো শিশুকে পলিও টিকাকৰণ কাৰ্য্য সম্পাদন কৰাৰ বাবে বিতং ভাবে আলোচনা কৰা হয়।

জিলা খনৰ যিসমূহ অঞ্চলত যাতায়ত যথেষ্ট কষ্টসাধ্য আৰু অনুন্নত তেনে অঞ্চলত অধিক গুৰুত্ব প্ৰদান কৰাৰ বাবে উপায়ুক্ত শ্ৰী পাঠকে পৰামৰ্শ প্রদান কৰে। ইয়াৰ লগতে সভাত উপস্থিত থকা বিভিন্ন বেচৰকাৰী সংস্থা আদিকৰি সকলো সংগঠনকে সহায় সহযোগ কৰিবলৈ আহ্বান জনোৱা হয়।

যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডা:পৰেশ কুমাৰ ৰয়ে কয় যে আৰক্ষী,নেহৰু যুৱ কেন্দ্ৰ,বাহনৰ চালকৰ লগতে কণ্ডাক্টৰ,অংগনৱাডী কৰ্মী আদি সকলোৰে সহায়তহে উপ-ৰাষ্ট্ৰীয় টীকাকৰণ দিৱস সাফল্যমণ্ডিত হ'ব।বাছ বা আন বাহনত যোৱা শিশুসকলক পলিও টীকা উপলব্ধ কৰাবলৈ বাহনসমূহ যাতে আস্থানত অলপ সময় ৰৈ দিয়ে বা আৰক্ষী বাহিনীয়ে যদি কোনো বিশৃংখলা নোহোৱাকৈ টীকা প্ৰদানত সহায় নকৰে তেতিয়া এই টীকাকৰণ দিৱস সফলকাম হ'ব নোৱাৰে।আনহাতে ইটা ভাটাত কাম কৰা শ্ৰমিকসকলৰ ল'ৰা-ছোৱালীকো যাতে সামৰিব পৰা যায় তাৰ বাবে স্বাস্থ্যকৰ্মীৰ দল পঠাব বুলি উল্লেখ কৰে ডা:পৰেশ কুমাৰ ৰয়ে।আনহাতে শিক্ষা বিষয়াৰ জৰিয়তে স্কুলসমূহত বিশেষকৈ ৫৯মাহৰ তলৰ ছাত্ৰ-ছাত্ৰীক পলিও টীকা প্ৰদান কৰাৰ বাবে সজাগ কৰিবলৈ আহ্বান জনায়।লগতে মিডিয়াৰ জৰিয়তে পলিও টীকা প্ৰদানত সহায় আগবঢ়াবলৈ জনসম্পৰ্কৰক্ষী বিষয়াক আহ্বান জনোৱা হয়।

আজিৰ সভাত শলিতা-শিখা বেচৰকাৰী সংস্থাৰ সভানেত্ৰী বৰদা কলিতাও উপস্থিত থাকে।