ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰ প্ৰাক্তন অধ্যক্ষা,সু গায়িকা ৰুমী বৰদলৈৰ আদ্য শ্ৰাদ্ধ উপলক্ষে শুক্ৰবাৰে পুব টোপাকুছি স্থিত বাসগৃহ ত ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰ প্ৰাক্তন অধ্যক্ষ কমল চন্দ্ৰ শৰ্মাৰ সভাপতিত্ব আৰু ৰহা বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰাক্তন অধ্যক্ষা ড° নিৰলা দেৱীৰ উদ্দেশ্য ব্যাখ্যাৰে অনুষ্ঠিত স্মৃতি চাৰন সভাৰ সদ্য প্ৰয়াত ৰুমী বৰদলৈৰ দ্বাৰা কন্ঠদান কৰা গীত বজাই শুভাৰম্ভ কৰাৰ পাছত প্ৰয়াত ৰুমী বৰদলৈৰ প্ৰতিচ্ছবি ৰ সন্মুখত সকলোৱে শ্ৰদ্ধাঞ্জলি অৰ্পন আৰু এক মিনিট মৌন প্ৰাৰ্থনা কৰি বিদেহী আত্মা চিৰ শান্তি কামনা কৰে লগতে আদ্য শ্ৰাদ্ধ উপলক্ষে ৰুমী বৰদলৈৰ স্মৃতি চিৰ যুগমিয়া কৰি ৰখাৰ উদ্দেশ্য পৰিয়ালবৰ্গৰ দ্বাৰা প্ৰকাশিত কৰি উলিওৱা স্মৰণিকা বিকীৰ্ন আভা উন্মোচন কৰে সাহিত্যিক পেঞ্চনাৰ মনোৰমা ভূঞাই।

  স্মৃতি চাৰন সভাত ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰ প্ৰাক্তন অধ্যক্ষ মনিৰাম নাথ, ৰহা মহাবিদ্যালয় ৰ প্ৰাক্তন অধ্যক্ষা দ্বিপ্তী দেৱী শৰ্মা, প্ৰাক্তন অধ্যাপক যতীন্দ্ৰ কুমাৰ পাৰৈ, দিগন্ত কুমাৰ ডেকা,ৰহা জেষ্ঠ নাগৰিক সন্মিলন ৰ প্ৰাক্তন সম্পাদক বিনোৱা ৰাজবংশী, ৰহা সূৰ্যবতী শাখা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদিকা বিনু লস্কৰ ঠাকুৰীয়া, ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰ প্ৰাক্তন শিক্ষয়ত্ৰী দেহেশ্বৰী দাস, সবিতা মেধী,ৰুপশিখা তামুলী,ডুগডুগী স্বতাধিকাৰী, সমাজসেৱী উৎপল বনিয়া, ৰহা আঞ্চলিক ছাত্ৰ সন্থা ৰ সভাপতি সঞ্জয় কুমাৰ কাকতি, ৰহা আঞ্চলিক জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উপদেষ্টা হেমেন নাথ, অসম জাতীয় পৰিষদ, যুৱ শক্তিৰ সম্পাদক বৰুন দাস সহ ৰহা আঞ্চলিক সাংবাদিক সন্থা,ৰহা আঞ্চলিক ছাত্ৰ সন্থা, ৰহা আঞ্চলিক জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ,ৰহা লেখিকা সমাৰোহ সমিতি,ৰহা জেষ্ঠ নাগৰিক সন্মিলন ৰ প্ৰতিনিধি সহ প্ৰয়াত ৰুমী বৰদলৈৰ স্বামী বাবুল শইকিয়া,পুত্ৰ প্ৰতিম শইকিয়া,পুত্ৰী অঞ্জনা শইকিয়া,বোৱাৰী ড° জ্যোতিষ্ণা বৰা,জোঁৱাই ৰক্তিম  শইকিয়া,জ্যেষ্ঠ ভাতৃ ড° যুগল প্ৰসাদ বৰদলৈ আৰু গনমান্য ব্যক্তি উপস্থিত থাকে।