১১-১২শতিকাত ৰহাৰ মঠৰবৰিত স্থাপিত ঐতিহাসিক শ্ৰীশ্ৰী মঠৰ থানত ১২২তম্ শ্ৰীশ্ৰী কৃষ্ণ দৌল মহোৎসৱ ১৩মাৰ্চৰ পৰা ৬দিনীয়া বিস্তৃত কাৰ্য্যসূচীৰে উদযাপন কৰাৰ বাবে ব্যাপক প্ৰস্তুতি চলাই থকা হৈছে।
যোবা ২৫ জানুৱাৰীত শ্ৰীশ্ৰীমঠৰ থানত অনুষ্ঠিত সাধাৰন সভাত ৬দিনীয়া ১২২তম্ শ্ৰীকৃষ্ণ দৌল মহোৎসৱ সূচাৰু পৰিচালনাৰ বাবে সৰ্বস্মতিত নিপুল চন্দ্ৰ নাথক সভাপতি, মাখন চন্দ্ৰ নাথক কাৰ্য্যকৰী সভাপতি, স্বপন কুমাৰ নাথ,পদ্মকান্ত নাথক উপ সভাপতি, হেমন্ত কুমাৰ নাথক সম্পাদক আৰু অনিল নাথ,বিজয় কুমাৰ নাথ আৰু তুষাৰজিৎ মেধিক সহ সম্পাদক হিচাপে লৈ এখন শক্তিশালী ১২২তম্ শ্ৰীকৃষ্ণ দৌল মহোৎসৱ উদযাপন সমিতি গঠন কৰাৰ লগতে বিভিন্ন বিভাগৰ ১১খন উপ সমিতি গঠন কৰি ব্যাপক প্ৰস্তুতি চলাই থকা হৈছে।
উদযাপন সমিতিয়ে জানিব দিয়ে যে ১৩মাৰ্চৰ পৰা ৬দিনীয়া বিস্তৃত কাৰ্য্যসূচীৰে অনুষ্ঠিত হব লগা ১২২তম্ শ্ৰীকৃষ্ণ দৌল মহোৎসৱ উপলক্ষ ১২২তম্ শ্ৰীকৃষ্ণ দৌল মহোৎসৱ উপলক্ষে ১২২খন পতাকা উওোলন কৰাৰ লগতে শ্ৰীকৃষ্ণ ভাগৱত,সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা ৰ লগতে আমন্ত্ৰিত নামতী দলৰ দ্বাৰা নাম পৰিবেশন, আঞ্চলিক আই মাতৃ সকলৰ দ্বাৰা শ্ৰীকৃষ্ণ ৰাসলীলা বৰ্নাট্য সাংস্কৃতিক অনুষ্ঠান, আলোচনা চক্ৰ ৰ লগতে সামাজিক নাট মঞ্চস্থ কৰা হব।
উদযাপন সমিতিয়ে ৬দিনীয়া ১২২তম্ শ্ৰীকৃষ্ণ দৌল মহোৎসৱ ত সমূহ ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতাৰ কামনা কৰিছে।