চিলাপথাৰত অবৈধ ভাৱে ভূমি দখল কৰি প্ৰতিষ্ঠান নিৰ্মাণৰ অভিযোগ ব্যৱহায়ৰ বিৰুদ্ধে

ধেমাজি জিলা প্ৰশাসনে নিৰ্দেশ দিয়াৰ পিছতো চিলাপথাৰ নগৰৰ ঘাইপথত দুজন ব্যৱসায়ীয়ে জিলাপ্ৰশাসনক বুঢ়া আঙুলি প্ৰদৰ্শন কৰি অবৈধ ভাৱে ব্যৱসায় প্ৰতিষ্ঠান নিৰ্মাণ কৰা কাৰ্যই চিন্তিত কৰি তোলিছে স্হানীয় ব্যৱসায়ীসকলক । ব্যৱসায়ী দুজন হৈছে দিলীপ পাল আৰু দুলাল পাল ৷ সিহত দুয়োজনে নিজৰ ময়মতালিৰে নিজৰ ব্যৱসায় প্ৰতিষ্ঠান বছৰ বছৰ ধৰি চলাই আহিছে। তেনেক্ষেত্ৰত ধেমাজি জিলাৰ উপায়ুক্ত, চক্ৰ বিষয়াৰ লগতে চিলাপথাৰ বিদ্যুৎ সংমণ্ডলৰ বিষয়াই জাননী দিয়ে জানিও উক্ত দুজন ব্যৱসায়ীয়ে কোনো কেৰেপ নকৰে। ভৱিষ্যত কিবা অঘটন হলে প্ৰতিবেশীৰ বহু সম্পত্তি ভস্মীভূত হোৱাৰ সম্ভাৱনাই নিৰাপত্তা বিহীন হৈ পৰিছে বুলি চৰকাৰ তথা প্ৰশাসনক সংবাদ মাধ্যমৰ জৰিয়তে অনাগত দিনত সুৰক্ষা বিচাৰি অনুৰোধ জনাইছে প্ৰতিবেশীয়ে।