সমাগত বিদ্যা ৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰীশ্ৰী সৰস্বতী পূজা, সমস্ত ৰাজ্যৰ লগতে বৃহত ৰহাৰ বিভিন্ন চৰকাৰী বে চৰকাৰী বিদ্যালয় মহাবিদ্যালয় ত আগন্তুক সৰস্বতী পূজা ব্যাপক প্ৰস্তুতি চলাই থকাৰ সমান্তৰালকৈ ৰহা নতুনচাৰিআলী স্থিত হৰগৌৰী শিল্পালয়ত মা সৰস্বতী ৰ প্ৰতিমাক অন্তিম পৰশ দিয়াত ব্যস্ত শিল্পালয়ৰ স্বতাধিকাৰী তথা মৃৎ শিল্পী যাদৱ পাল।

   শিল্পী যাদৱ পালে জানিব দিয়ে যে ৰহাৰ বিভিন্ন বিদ্যালয় ৰ  পৰা প্ৰতিমাৰ অৰ্ডাৰ আহিছে আৰু ১০০খন প্ৰতিমা নিৰ্মান কৰা হৈছে লগতে প্ৰতিমা ৰ দাম ডাঙৰ প্ৰতিমা ৬৫০০হাজাৰ,৫৫০০হাজাৰ,৩৫০০হাজাৰ আৰু সৰু প্ৰতিমা ১৫০০ টকা লৈকে আছে।