ৰহা সমীপবৰ্তী বাৰপূজীয়াত বাৰপূজীয়া আঞ্চলিক প্ৰাক্তন সৈনিক সংঘৰ সৌজন্যত বাৰপূজীয়া ডাকঘৰৰ সন্মুখত উদযাপন কৰা ৭৬সংখ্যক গণতন্ত্ৰ দিৱস উপলক্ষে পূবা বন্তি প্ৰজ্বলন কৰে প্ৰাক্তন সৈনিক হাচিৰাম দেউৰী আৰু বাৰপূজীয়া আঞ্চলিক প্ৰাক্তন সৈনিক সংঘৰ সভাপতি তথা প্ৰাক্তন সৈনিক মহাকান্ত ডেকাৰজাই পতাকা উওোলন কৰাৰ পাছত নগাঁও জিলা প্ৰাক্তন সৈনিক কল্যান বৰ্ডৰ সম্পাদক তথা প্ৰাক্তন সৈনিক হেমন্ত দেউৰীয়ে গণতন্ত্ৰ দিৱস ৰ বক্তব্য ৰখাৰ লগতে প্ৰাক্তন সৈনিক, স্থানীয় শিল্পী আৰু নিৰ্ভৰশীল ব্যক্তি,শুভকাংশী সকলে দেশ ভক্তি গীত পৰিবেশন কৰি সমস্ত ক্ষেত্ৰ মুখৰিত কৰি তুলে।
অনুষ্ঠানত প্ৰায় শতাধিক প্ৰাক্তন সৈনিক, বীৰ নাৰী আৰু শুভকাংশী সকল উপস্থিত থাকি অনুষ্ঠান সাফল্যমণ্ডিত কৰে আৰু বাৰপূজীয়া আঞ্চলিক প্ৰাক্তন সৈনিক সংঘৰ সাধাৰন সম্পাদক সুধন্য কুমাৰ সেনাপতিয়ে কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰে।