সমগ্ৰ দেশৰ লগতে নাজিৰাতো ৭৬ তম গণৰাজ্য দিৱস উৎযাপন।
বিগত বছৰৰ দৰে এইবাৰো নাজিৰা সমজিলা প্ৰসাশনৰ উদ্যোগত বৰ্নিল কাৰ্যসূচীৰে আয়োজন কৰে গণৰাজ্য দিৱস।
নাজিৰা জিলা ক্ৰিয়া সন্থাৰ খেল পথাৰত কেন্দ্ৰীয় ভাৱে উৎযাপন কৰা হয় ৭৬ গণৰাজ্য দিৱস।
গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে নাজিৰা সমজিলা আয়ুক্ত কণিকা ৰথীয়ে ।
নাজিৰা ক্ৰিয়া সন্থাৰ খেল পথাৰত কেন্দ্ৰীয় ভাবে পতাকা উত্তোলন কৰাৰ লগতে কুচ-কাৱাজৰ অভিবাদন গ্ৰহণ কৰে নাজিৰা সমজিলা আয়ুক্ত কণিকা ৰথীয়ে ।
নাজিৰা সমজিলাৰ বিভিন্ন দল সংগঠন,বিদ্যালয় তথা অনুষ্ঠান প্ৰতিষ্ঠানৰ ছাত্ৰ ছাত্ৰী আৰু সদস্যসকলে অংশগ্ৰহণ কৰে আজিৰ এই অনুষ্ঠানত। সৃষ্টিশীল নৃত্যৰ লগতে বিহু নৃত্য আছিল আজিৰ অনুস্থানৰ মূল আকৰ্ষণ।