নাজিৰাত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ "জয় বাপু,জয় ভীম,জয় সংবিধান"শীৰ্ষক অভিযান কাৰ্য্যসূচী।
অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আহ্বান আৰু নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ নিদেৰ্শনা অনুসৰি,সংবিধানৰ ৭৫বছৰ পূৰ্ণতাৰ লগতে মহাত্মা গান্ধীয়ে ১৯২৪চনত কংগ্ৰেছ দলৰ সভাপতি ৰূপে সভাপতিত্ব কৰাৰ ১০০বছৰ পূৰ্ণতাৰ স্মৃতিত সমগ্ৰ ভাৰতবৰ্ষত "জয় বাপু,জয় ভীম,জয় সংবিধান"শীৰ্ষক অভিযান কাৰ্য্যসূচী চলোৱা হৈছে।
এই বিশেষ অভিযানৰ অংশস্বৰূপে আজি নাজিৰা ব্লক কংগ্ৰেছৰ উদ্যোগত নাজিৰাৰ এম.চি.ক্লাৱত এখন সভা অনুস্থিত হোৱাৰ লগতে নাজিৰা নাট্যমন্দিৰৰ পৰা নাজিৰাৰ এম.চি.ক্লাৱলৈ এক পদযাত্ৰা কাৰ্য্যসূচী অনুষ্ঠিত হয়।
এই কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বড়া,প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰ,বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াৰ লগতে কংগ্ৰেছ দলৰ কেইবাগৰাকীয়ো নেতা,বিষয় - ববীয়া।