ঢকুৱাখনাৰ বৰ্ষা বাঘমৰা উচ্চ মাধ্যমিক বিদ্যালয়ত শীতকালীন বিনামূলীয়া পাঠদান শিৱিৰৰ সামৰণি অনুষ্ঠান

ঢকুৱাখনাৰ পৰা ঘনকান্ত দলে:- ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মিচিং ছাত্ৰ অধ্যয়ণ চক্ৰৰ দ্বাৰা অনুষ্ঠিত গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান শিৱিৰৰ সফল পৰিসমাপ্তি ঘটে । এইবাৰ এই শিক্ষা শিৱিৰ অনুষ্ঠিত হৈছিল শৈক্ষিক ক্ষেত্ৰৰ লগতে অন্যান্য দিশসমূহত পিছপৰা ঢকুৱাখনা সম -জিলাৰ ৰৃক্কং অৱনৰি আঞ্চলিক সমিতিৰ অন্তৰ্গত বৰ্ষামুখ গাওঁ। বিগত ২০১৩-১৪ বৰ্ষৰ পৰা গ্ৰাম্য অঞ্চলৰ ছাত্ৰ -ছাত্ৰীসকলৰ উপৰিও গাওঁবাসীৰ মাজত এক সুস্থিৰ শৈক্ষিক পৰিৱেশ নিৰ্মাণৰ লগতে শিক্ষা সজাগতা আৰু সচেতনতা সৃষ্টিৰ জৰিয়তে ডিব্ৰুগড় বিশ্ববিদ্যালয় মিচিং অধ্যয়ণ চক্ৰ(DUMSSC)ই শৈক্ষিক বিপ্লৱৰ ধাৰা অব্যাহত ৰাখি যোৱা ৩/১/২০২৫ তাৰিখৰ পৰা ১২ জানুৱাৰী ২০২৫ তাৰিখলৈ বৰ্ষা বাঘমৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগনত অনুষ্ঠিত হৈছিল। আজি অন্তিমটো দিনা ছাত্ৰ ছাত্ৰী সকলৰ সৈতে উপস্থিত থাকি পৰামৰ্শ আগবঢ়াই

 ত্ৰৈলোক্য মোহন পেৰমে অৱসৰপ্ৰাপ্ত প্ৰবন্ধক , ভাৰতীয় টেষ্ট বেংক , ৰাজা গোপাল কৃষ্ণ পেৰমে, অৱসৰ প্ৰাপ্ত অভিযন্তা বৈদ্যুতিক উপ - সংমণ্ডল ঘিলামৰা ,মিচিং ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সদস্য ৰাজীৱ টাইদ, সন্মিলিত গণশক্তি অসম কেন্দ্ৰীয় সমিতিৰ সদস্য দেবানন্দ টাৱ, মিচিং ছাত্ৰ সন্থাৰ লক্ষীমপুৰ জিলাৰ সমিতিৰ সম্পাদক বসন্ত টাইদ, ৰাকেশ কুম্বাং,সোনাৰাম টাইদ,মুকুনচন্দন টাইদ,চন্দন পেৰমে, খগেন্দ্ৰমোহন পেৰমে ,দুৰ্গেশ্বৰ পেৰমে, ৰঘুনাথ টাইদ, জিতেন টাইদ ,মনোৰঞ্জন পেৰমে , জয়ন্ত টাইদ ,ৰাজদ্বীপ পেৰমে, মণিকান্ত পাংগীং, পদ্মেশ্বৰ মিলি ,ঘনকান্ত মিলি,পচেল মিলি, পুস্পুধৰ মিলি,নন্দেশ্বৰ পেৰমে,ৰঞ্জন টাইদ,সাংবাদিক হৰিপ্ৰসাদ চুতীয়া,দয়ানন্দ দলেৰ লগতে বিদ্যালয়ৰ শিক্ষাগুৰু, অভিভাৱকেে আদি কৰি ৰেঙাম জিলা সমিতিৰ আৰু আঞ্চলিক সমিতি বিষয়ববীয়া আৰু DUMSSC সমূহ পৰিয়াল সকল উপস্থিত থাকে৷