অহা কালি ভোগালী বিহুৰ উৰুকা,ৰহা দীঘলদৰি,কাকতিগাঁও, মিলনপুৰ,ন কাকতিগাঁও,পহুপুৰি আৰু আদৰ্শগাঁও সৌজন্যত দ্বী বাৰ্ষিক ৫দিনীয়া সাৰ্বজনীন আঞ্চলিক ভোগালী মেলা উৎসৱ অহাকালিৰ আৰম্ভ হব।
এই বৰ্ষ ভোগালী বিহু মুখ্য আকৰ্ষণ ৰুপে নিৰ্মাণ কৰা হৈছে ৫০ফুট উচ্চতাৰ তামিলনাডু আদিযোগী মন্দিৰৰ আৰ্হিত ভেলাঘৰ নিৰ্মাণ কৰা হৈছে।যোবা বছৰ মহামৃত্যুঞ্জয় মন্দিৰৰ আৰ্হিত ভেলাঘৰ নিৰ্মাণ কৰা হৈছিল।
৫দিনীয়া নিৰ্ধাৰিত কাৰ্য্যসূচী মতে অহাকালি অৰ্থাৎ ১৩জানুবাৰী ভোগালী বিহুৰ উৰুকা ৰ দিনা সন্ধ্যা ৫বজাত বন্তি প্ৰজ্বলন, ৫.১০মিনিটত ভেলাঘৰৰ ভীষ্ম চিতা অগ্নী প্ৰজ্বলন।
১৪ জানুৱাৰী দ্বিতীয় দিন পূবা ৬বজাত মেজি প্ৰজ্বলন, ৬.৩০বজাত প্ৰসাদ বিতৰন,৭বজাত জ্যেষ্ঠ সকলক প্ৰনাম আৰু বিহুবান প্ৰদান কৰি আশিৰ্বাদ গ্ৰহন।
৭.৩০বজাত পিঠাপনা আদান প্ৰদান কৰা হব।
৩য় দিন ১৫ জানুৱাৰী সন্ধ্যা ৫ বজাত অনুষ্ঠান উদ্বোধন কৰিব ৰহা পৌৰসভাৰ উপ পৌৰপতি অনিমা দাস।৬বজাত সাংস্কৃতিক সমন্বয় এলাজনি দল,৬.৩০বজাত ন কুঁহিপাত বিহুদলৰ অনুষ্ঠান।
সন্ধ্যা ৭বজাত স্থানীয় শিল্পী সকলৰ দ্বাৰা নৃত্য প্ৰদৰ্শন, ৮.৩০বজাত মৌ প্ৰিয়া বিহুবা দল,হাতিচোং।
৪ৰ্থ দিন ১৬ জানুৱাৰী ত বিয়লী ২বজাত চিত্ৰাংকন প্ৰতিযোগিতা,বিয়লী ৩বজাত ৰচনা প্ৰতিযোগিতা, বিয়লী ৬বজাত মাঘী সুন্দৰী প্ৰতিযোগিতা, বিষয় অসমৰ জনজাতীয় সাজপাৰ।
নিশা ১০বজাৰ মুখ্য আকৰ্ষণ Beharbari outpostৰ জনপ্ৰিয় কৌতুক অভিনেতা কে কে আৰু মোহন।
পঞ্চম তথা অন্তিম দিন বিয়লী ৩বজাত কুইজ প্ৰতিযোগিতা, সন্ধ্যা শিল্পী দিৱস উপলক্ষে কন কন শিশু সকলৰ মাজত সংগীত প্ৰতিযোগিতা অনুষ্ঠিত হব।সন্ধ্যা ৬বজাত স্থানীয় শিল্পী সকলৰ দ্বাৰা সংগীতানুষ্ঠান অনুষ্ঠিত হব।
নিশা ১০ বজাত মুখ্য আকৰ্ষণ সামাজিক মাধ্যমত জনপ্ৰিয় কন্ঠশিল্পী অংকিত নীল আৰু ৰিতুৰানী মহন্তৰ গীতৰ শৰাই।
আয়োজক সকলে সমূহ ৰাইজৰ উপস্থিতিৰ কামনা কৰাৰ লগতে জানিব দিয়ে যে সমুহ প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগি সকলক পুৰস্কৃত কৰা হব।