ৰহা পুৰনাচাৰিআলী নিবাসী ভিকা আৰু মনফুল প্ৰজাপতৰ কন্যা গায়ত্ৰী প্ৰজাপতে চিআইএচএফ ত চাকৰি পাবলৈ সক্ষম হৈ ৰহাৰ লগতে ৰহা মাৰবাৰী সমাজলৈ গৌৰৱ কঢিয়াই আনিবলৈ সক্ষম হোবাত আজি নগাঁও জিলা ছাত্ৰ সন্থা ৰ উপদেষ্টা মৃদুল হাজৰিকা, ৰহা আঞ্চলিক ছাত্ৰ সন্থা ৰ প্ৰাক্তন সভাপতি সৰদাৰ আজমীৰ সিং,সম্পাদক ভাৰত বৰুৱা আৰু ৰহা টাউন শাখা ছাত্ৰ সন্থা ৰ সম্পাদক মৃগাংক বৰা সহ ৰহা আঞ্চলিক ছাত্ৰ সন্থা ৰ এক প্ৰতিনিধি দল গায়ত্ৰী প্ৰজাপতৰ ঘৰত উপস্থিত হৈ এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই।

     লগতে যোৱা কালি জাগীৰোড ত অনুষ্ঠিত হোবা পূৰ্বোতৰ প্ৰদেশীয় মাৰবাৰী সন্মিলনৰ সপ্তম প্ৰান্তিয় কাৰ্যকাৰিনী সভাতো গায়ত্ৰী প্ৰজাপতক এখন ফুলাম গামোচাৰ আৰু গছপুলি প্ৰদান কৰি অভিনন্দন জনাই।