অসম কন্যা লাভলীনা বৰগোহাঁই,“মানসিক হাৰাশাস্তি”ৰ বলি। কমনৱেলথ গেমছলৈ মাজত আৰু মাত্ৰ কেইটামান দিন বাকী।

বাৰ্মিংহামত অনুষ্ঠিত হ’বলগীয়া কমনৱেলথ গেমছৰ বাবে প্ৰস্তুতি চলাই আছে অসম কন্যা লাভলীনা বৰগোহাঁইয়ে। কিন্তু প্ৰশিক্ষণৰ সময়তে মানসিক হাতাশাত ভুগাৰ কথা টুইটযোগে লাভলীনাই লিখিছিল ‘অতি দুখেৰে মই জনাইছো যে মোৰ প্ৰশিক্ষকসকলক অপসাৰণ কৰাৰ বাবে মই হাৰাশাস্তিৰ সন্মুখীন হৈছো। দেশৰ বাবে অলিম্পিকৰ পদক লাভ কৰাত সহায় কৰা মোৰ প্ৰশিক্ষকসকলক আঁতৰাই পেলোৱাটোৱে মোৰ প্ৰশিক্ষণ প্ৰক্ৰিয়াত প্ৰভাৱ পেলাইছে। তাৰ ভিতৰত এজন হৈছে দ্ৰোণাচাৰ্য বঁটা বিজয়ী সন্ধ্যা গুৰুংজী। মোৰ দুয়োজন প্ৰশিক্ষকক শেষ মুহূৰ্তত অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰত বহুবাৰ অনুৰোধ কৰিবলগীয়া হৈছিল, আনকি প্ৰশিক্ষণ শিবিৰতো। এই মুহূৰ্তত মোৰ প্ৰশিক্ষক সন্ধ্যা গুৰুং আনকি কমনৱেলথ গেমছ ভিলেজতো নাই কাৰণ তাই এতিয়াও প্ৰৱেশ লাভ কৰা নাই। যাৰ ফলত খেললৈ মাত্ৰ ৮ দিন বাকী থকা অৱস্থাত মোৰ প্ৰশিক্ষণ প্ৰক্ৰিয়া স্থবিৰ হৈ পৰিছে। মোৰ দ্বিতীয় প্ৰশিক্ষককো ভাৰতলৈ ঘূৰাই পঠিওৱা হৈছে। বহুবাৰ অনুৰোধ কৰাৰ পিছতো এনেকুৱা হৈয়েই আছে আৰু ইয়াৰ ফলত মোৰ মানসিক হাৰাশাস্তি হৈছে। এইটো যদি স্থায়ীহৈ থাকে তেন্তে মই খেলত কেনেকৈ মনোনিৱেশ কৰিম৷ এই কাৰণেই বিশ্ব চেম্পিয়নশ্বিপত মোৰ প্ৰদৰ্শন ঠিক নাছিল। আৰু মই নিবিচাৰো যে এই ৰাজনীতিয়ে মোৰ কমনৱেলথ গেমছৰ সম্ভাৱনা নষ্ট কৰক। আশাকৰোঁ মই এই ৰাজনীতিৰ গণ্ডীৰ পৰা মুক্ত হৈ মোৰ দেশৰ বাবে পদক আজুৰিব পাৰিম। লাভলীনাৰ এই টুইটৰ

পিছতেই সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। খেলৰ ঠিক আগমুহূৰ্তত অলিম্পিক পদক বিজয়ী গৰাকীক প্ৰশিক্ষণৰ নামত মানসিক নিৰ্যাতন চলোৱা ঘটনাক লৈ বিভিন্ন জনে বিভিন্ন ধৰণে মত ব্যক্ত কৰিছে। কীন্ত লাভলীনাৰ এই টুইটৰ পাছতে তৎপৰ হৈ পৰিছে ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা বিভাগ। ভাৰতীয় অলিম্পিক সংস্থালৈ ক্রীড়া বিভাগে জাৰি কৰিছে নিৰ্দেশনা। লাভলীনাৰ বাবে কমনৱেলথ গেমছত শীঘ্ৰেই প্রশিক্ষকৰ ব্যৱস্থাৰ নিৰ্দেশ ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা বিভাগ।