দৰং জিলাৰ দলগাঁও বিধানসভাৰ দুই আৰু চাৰি নম্বৰ শ্যামপুৰ গাঁওৰ শতাধিক ৰাইজে পানী নামি এখন কাঠৰ বা বাঁহৰ সাঁকোৰ দাবীত প্ৰতিবাদ সবাস্ত কৰে। গাঁও দুইখনৰ এক মাত্ৰ সংযোগী পথ বানে বিধ্বস্ত কৰাৰ পাছত দুই গাঁৱৰ ৰাইজে যম যাতনা ভুগি যাতায়ত কৰিব লগীয়া হৈছে।

ৰাইজে শ্যামপুৰ গাঁও পঞ্চায়তৰ সভাপতিৰ লগতে জিলা গ্ৰাম উন্নয়ন বিভাগৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি উত্তাল প্ৰতিবাদ কৰে। ৰাইজে জনাই যে বছৰ ধৰি বছৰ দলং নোহোৱা বাবদ যমৰ যাতনা ভুগিব লগীয়া হৈছে।

নাও বা পানীত নামি ৰাস্তা পাৰ কৰিব লগীয়া হয়, বেমাৰীক কল গছৰ নাও বনায় যেনে তেনে হস্পিতালত লবলগীয়া হয়। অন্তত ৰাইজে স্থানীয় বিধায়ক মাজিবুৰ ৰহমান ওচৰত এখন কাঠৰ বাঁহৰ দলং নিৰ্মানৰ বাবদ অনুৰোধ জনায়।