আজি ঘোষিত অসম লোকসেৱা আয়োগ ২০২৩বৰ্ষৰ ফলাফলত ৰহা ৰজাগাওঁ নিবাসী তথা স্বৰ্গীয় বিৰেন কুমাৰ ডেকা আৰু মনোৰমা ডেকাৰ সু সন্তান দীপ জ্যোতি ডেকাই Assam Accounts servicesত দশম স্থান লাভ কৰি সমগ্ৰ ৰহা গৌৰৱ কঢিয়াই আনিবলৈ সক্ষম হোবাত আজি বিয়লী নগাঁও জিলা ছাত্ৰ সন্থা ৰ উপদেষ্টা মৃদুল হাজৰিকা, উপ সভাপতি সঞ্জয় কুমাৰ কাকতি, নগাঁও জিলা উন্নতি সভাৰ উপ সভাপতি মহেন্দ্ৰ কলিতা আৰু জিলা ছাত্ৰ সন্থা ৰ প্ৰচাৰ সম্পাদক নিহাৰ জ্যোতি ৰাজা সহ ৰহা আঞ্চলিক ছাত্ৰ সন্থা ৰ প্ৰতিনিধি দীপ জ্যোতি ৰ ঘৰত উপস্থিত হৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই শুভেচ্ছা জনাই লগতে ৰহা কেন্দ্ৰীয় ৰাস উৎসৱ উদযাপন সমিতিৰ ৰ সদস্য সদস্যা সকলেও দীপ জ্যোতি ৰ ঘৰত উপস্থিত হৈ সম্বৰ্ধনা জনাই।

    লগতে ৰহা ৰজাগাওঁ  নিবাসী বিৰেন চন্দ্ৰ নাথ আৰু সবিতা দেবীৰ সু সন্তান খনিন্দ্ৰ নাথে অসম লোকসেৱা আয়োগ ৰ ফলাফল ত Assistant registrar of cooperative society বিভাগত ৩য় স্থান পাই গৌৰৱ কঢিয়াই আনিবলৈ সক্ষম হোবাৰ লগতে চাপৰমুখ লাচিত কলনি নিবাসী বিমল ৰয় আৰু পুষ্পা ৰয়ৰ সু কন্যা তথা চাপৰমুখ মাৰবাৰী পট্টী স্থিত গীতাদেবী হানচাৰিয়া স্মৃতি শংকৰদেৱ শিশু বিদ্যা নিকেতন ৰ সহকাৰী আচাৰ্য প্ৰিয়ংকা ৰয়ে অসম লোকসেৱা আয়োগ পৰীক্ষা ফলাফলত Assam Accounts servicesত ১৯সংখ্যক স্থান পাই ৰহা,চাপৰমুখৰ লগতে নিকেতনলৈ গৌৰৱ কঢিয়াই আনিবলৈ সক্ষম হয়।