ৰাইজে পদুলিয়ে পদুলিয়ে বাঁহৰ খুটাৰে ওলমাই ৰাখিছে বিদ্যুৎ পৰিবাহী তাঁৰ।

অনাকাংক্ষিত বিপদৰ আশংকাত গাওঁবাসী।

ছিপাঝাৰৰ ১নং ঘোঁৰাশাল গাৱঁৰ দৃশ্য এয়া।

ঘণ বসতিৰ ঠাইখনত আৰম্ভণিতে বিদ্যুৎ বিভাগে হেমাহি কৰি পাতলকৈ পুতিছিল খুটা। 

সেয়ে এনেদৰে ওলমি থাকে

বিদ্যুৎ পৰিবাহী তাঁৰবোৰ।

গাঁৱৰ ৰাইজে এই অসুবিধা আঁতৰাবলৈ বিভাগক বাৰম্বাৰ অনুৰোধ কৰি আহিছে যদিও গুৰুত্ব নাই ছিপাঝাৰ বিদ্যুৎ উপসংমণ্ডল বিভাগৰ।

সেয়ে যি কোনো মুহূৰ্ততে হ'ব পৰা বিপদক লৈ শংকিত হৈ আছে গাওঁবাসী।