গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত গেলাবিলৰ নাহৰবাৰীত বুধবাৰে  আবকাৰী বিভাগে এটা চুলাই ভাটি উচ্ছেদ কৰে। এক গোপন সূত্ৰৰ ভিত্তিত যোৱা  সৰুপথাৰ আবকাৰী বিভাগৰ এটা দলে চুলাই ভাটিৰতোৰ লগতে প্ৰায় ২৩০ লিটাৰ অবৈধ চুলাই আৰু চুলাই বনাবলৈ গেলাই থোৱা অৱস্থাত   যথেষ্ট পৰিমাণে লালি  গুৰ ধ্বংস কৰে। লগতে চুলাই বনাবলৈ ব্যৱহাৰ কৰা ড্ৰাম, প্লাছটিকৰ বাল্টি, গিলান আদিও ধ্বংস কৰে। ইপিনে সৰুপথাৰ আবকাৰী বিভাগে অসম আবকাৰী আইন (সংশোধনী) ২০১৮ ৰ ধাৰা ৫৩(১) ৰ অধীনত দুটাকৈ গোচৰ ৰুজু কৰাৰ লগতে  এই অবৈধ কাৰ্যৰ লগত জড়িত এজন লোকক আটক কৰে।