নতুনকৈ গঠন কৰা হৈছে বিজেপিৰ কেন্দ্ৰীয় সংসদীয় সমিতি। দলৰ সৰ্বোচ্চ সিদ্ধান্ত গ্ৰহণকাৰী সংস্থা হিচাপে বিবেচিত সংসদীয় সমিতিত স্থান লাভ কৰিছে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। 

কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বি এছ য়েদিয়ুৰাপ্পা আৰু সৰ্বানন্দ সোণোৱালক স্থান দিয়াৰ বিপৰীতে বিজেপিৰ প্ৰাক্তন ৰাষ্ট্ৰীয় অধ্যক্ষ নীতিন গাডকাৰী আৰু বিজেপিৰ জ্যেষ্ঠ নেতা তথা মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানক এই সমিতিৰ পৰা অপসাৰণ কৰা হৈছে।

ইয়াৰ সমান্তৰালভাৱে ১৫ জন সদস্যৰে গঠিত বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচনী সমিতিতো স্থান কৰিছে সৰ্বানন্দ সোণোৱালে।