ৰাজ্যৰ সত্ৰ নামঘৰত বৈষ্ণৱ ধৰ্মাৱলম্বী লোকসকলে আজি পবিত্ৰ ভাদ মাহৰ সংক্ৰান্তী পালন কৰে৷ বাৰ বৈষ্ণৱৰ জন্মস্থান নাৰায়ণপুৰত সত্ৰ আৰু নামঘৰসমুহত আজি পুৱাৰে পৰা হৰি নাম কীৰ্তনেৰে সংক্ৰান্তি পালন কৰা হৈছে৷
আজিৰে পৰা সমগ্ৰ ভাদ মাহটো নাম কীৰ্তনেৰে মুখৰিত হৈ থাকিব সত্ৰ আৰু নামঘৰসমুহ৷ দুজনা গুৰুৰ সৃষ্টিৰাজি নৃত্য গীত আৰু বাদ্যৰে মুখৰিত হ’ব সমগ্ৰ ভাদমাহ৷ বিশেষকৈ নাৰায়ণপুৰৰ সত্ৰসমুহত আজিৰে পৰা পৰম্পৰা ৰীতি নীতিৰে ভাদ মাহৰ নাম কীৰ্তন আৰু গুৰুজনাৰ অমৰ সৃষ্টিৰাজি গায়ন বায়ন নৃত্য আৰু ভাওনা পৰিৱেশন কৰা হ’ব৷