বৰ্ষ ১৯৯৪চনত শিশুৰ সৰ্বাংগীন বিকাশ সাধনৰ বাবে স্থাপিত ব্যক্তিক্ৰম ধৰ্মী শিশু অনুষ্ঠান অকনিৰ কবিতা ঘৰ অসম কেন্দ্ৰীয় সমিতি ৰহাৰ অন্তৰ্গত সংগীত কাননৰ বিভিন্ন শাখাত শিশু সকলক ভাৰত নাট্যম,সত্ৰীয়া নৃত্য, তবলা,গীটাৰ,চিত্ৰাংকন ৰ প্ৰশিক্ষণ দি অহাৰ ক্ৰমত লক্ষৌ ভাটখান্ডে পাঠ্যক্ৰম ৰ অধিনত বৰ্ষ ২০২৩ৰ বাবে ভাৰত নাট্যম,শাস্ত্ৰীয় সংগীত আৰু তবলা বাদ্যৰ বাবে অনুষ্ঠিত প্ৰথমা,মধ্যমা,বিশাৰদ পাৰ্ট ১ আৰু বিশাৰদ পাৰ্ট ২ৰ পৰীক্ষাত ভাৰত নাট্যম ত ১২জন শাস্ত্ৰীয় সংগীতত ১৬জন আৰু তবলা বাদ্যত ৩জন অকনিৰ কবিতা ঘৰ ৰ ছাত্ৰ ছাত্ৰী সহ মুঠ ৩১জন প্ৰশিক্ষাৰ্থী অবতীৰ্ন হৈছিল আৰু ৩১ ছাত্ৰ ছাত্ৰী ৰ ভিতৰত ২৭জনে প্ৰথম বিভাগত আৰু ৪জন দ্বিতীয় বিভাগত উওিৰ্ন হৈ গৌৰৱ কঢিয়াই আনিবলৈ সক্ষম হৈছে আৰু অকনিৰ কবিতা ঘৰ অসম কেন্দ্ৰীয় সমিতি ৰহা সংগীত কাননৰ পৰীক্ষা ফলাফল এশ শতাংশ হোবাত কবিতা ঘৰৰ সমূহ কৰ্মকৰ্তা,শিক্ষক, শিক্ষয়ত্ৰী ৰ মাজত আনন্দৰ বন্যা অব্যাহত আছে।