শিৱসাগৰঃ শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদ্‌যাপন কৰা হয় ৷ শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত ১৬ নৱেম্বৰৰ সন্ধিয়া জিলা আয়ুক্তৰ চ্যুকাফা সভাকক্ষত জনসংযোগ বিভাগৰ সহযোগত জিলা আয়ুক্ত আয়ুস গাৰ্গ দেৱৰ পৌৰহিত্যত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদ্‌যাপন কৰা হয় ৷ উল্লেখযোগ্য যে, প্ৰায় অৰ্ধশতাধিক সংবাদদাতাই অংশগ্ৰহণ কৰা উক্ত প্ৰেছ দিৱসৰ বিশেষ কাৰ্য্যসূচীত শিৱসাগৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ উৎপল দত্ত, শিৱসাগৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক প্ৰফুল্ল চন্দ্ৰ কলিতা, শিৱসাগৰ ছোৱালী কলেজৰ অধ্যক্ষ ড০ প্ৰতীম শৰ্মা, বৃহত্তৰ শিৱসাগৰ প্ৰেছ ক্লাবৰ সভাপতি মনোজ কুমাৰ বৰঠাকুৰ, যুৱ সাংবাদিক সন্থা-শিৱসাগৰ জিলা সমিতিৰ সভাপতি বিকাশ কুমাৰ, জিলা সাংবাদিক সংস্থাৰ ভাৰপ্ৰাপ্ত সভাপতি অনিল কুমাৰ গুপ্তা, ই-মিডিয়া সন্থাৰ যুটীয়া সম্পাদক প্ৰদীপ গগৈ, ফিৰোজ খান, প্ৰাঞ্জল পূজাৰী, মনোজ গগৈ আদিয়ে দিনৰাতি একাকাৰ কৰি কেনেদৰে ত্যাগ স্বীকাৰ কৰি সংবাদকৰ্মীসকলে নিজৰ কৰ্ম সম্পাদন কৰি আহিছে সেই সন্দৰ্ভত বক্তব্য প্ৰদান কৰি সকলোকে আপ্লুত কৰি তোলে ৷ লগতে একেখন সভাতেই জিলা ই-মিডিয়া সন্থাৰ তৰফৰ পৰা জিলা আয়ুক্তৰ যোগেদি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ এখন স্মাৰকপত্ৰ প্ৰদান কৰা হয় ৷ সভাত শিৱসাগৰ জিলা আয়ুক্ত আয়ুস গাৰ্গ দেৱে জ্যেষ্ঠ সাংবাদিক তথা বৃহত্তৰ শিৱসাগৰ প্ৰেছ ক্লাবৰ সভাপতি মনোজ কুমাৰ বৰঠাকুৰৰ লগতে উপস্থিত সমূহ সংবাদকৰ্মীক ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষ্যে একোটাকৈ আন্তৰিক উপহাৰ প্ৰদান কৰে ৷