অহা ১৫ নবেম্বৰ ত ৰাস পূৰ্ণিমা,সমস্ত ৰাজ্যৰ লগতে বৃহতৰ ৰহা,চাপৰমুখ ত ব্যাপক প্ৰস্তুতি আৰু আখৰা আৰম্ভ হোবাৰ সমান্তৰালকৈ  ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অহা ২২ নবেম্বৰৰ পৰা দুদিনীয়া কাৰ্য্যসূচীৰে ৩৩ সংখ্যক শ্ৰীকৃষ্ণ ৰাস মহোৎসৱ ব্যাপক প্ৰস্তুতি চলাই থকাৰ লগতে আৰম্ভ কৰিছে ৰাসৰ আখৰা।

           ৰাস আখৰাত জীয়াৰী বোৱাৰী আৰু কন কন শিশু সকল ব্যস্ত থকা পৰিলক্ষিত হোবাৰ লগতে ৩৩ সংখ্যক শ্ৰীকৃষ্ণ ৰাস মহোৎসৱ উদযাপন সমিতিয়ে জানিব দিয়ে যে অহা ২২ নবেম্বৰত পূবা ৮.৩০বজাত ভাগৱত পৰিভ্ৰমন ও ভাগৱত স্থাপন কৰাৰ পাছত বিয়লী ৪বজাত চূড়ান্ত আখৰা অনুষ্ঠিত হব।

     ৰাস মহোৎসৱ ৰ দ্বিতীয় দিন ২৩ নবেম্বৰত নিশা ৮বজাত স্থানীয় মহিলা সকলৰ দ্বাৰা ৰাস নাট "কেলি গোপাল" মঞ্চস্থ হব ৰাস নাট উদ্বোধন কৰিব ৰহা পৌৰসভাৰ উপ পৌৰপতি অনিমা দাসে।

   ৮.৩০ বজাৰ পৰা স্থানীয় মিলেশ্বৰ বৰদলৈ সোঁৱৰণী কৰ্মকৰ্তা বঁটা বিতৰন কৰা হব।